NORTHEAST NOW (Assamese)

আইন মন্ত্ৰ্যালয়ৰ বিষয়া কৰ’নাত আক্ৰান্ত; ছীল কৰা হ’ল শাস্ত্ৰী ভৱনৰ এটা অংশ

May 5, 2020 2:50 pm · এন ই নাও নিউজ
শাস্ত্রী ভবন{

দেশজুৰি কৰ’না ভাইৰাছৰ সংক্ৰমণত নিৰন্তৰ লোক আক্ৰান্ত হ’বলৈ আৰম্ভ কৰিছে। প্ৰতিদিনেই কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা দ্ৰুতভাৱে বৃদ্ধি পাইছে।

শেহতীয়াকৈ আইন মন্ত্ৰ্যালয়ৰ এগৰাকী বিষয়াও কৰ’নাত আক্ৰান্ত হৈছে।

আইন আৰু ন্যায় মন্ত্ৰ্যালয়ৰ আইনী গোচৰ বিভাগৰ এগৰাকী জ্যেষ্ঠ বিষয়াৰ কৰ’না পজিটিভ পোৱা গৈছে। বিষয়াগৰাকীয়ে শেষবাৰ যোৱা ২৩ এপ্ৰিলত নিজৰ কাৰ্যালয়লৈ গৈছিল।

বিষয়াগৰাকীৰ পজিটিভ পোৱাৰ পাছত আইনী গোচৰ বিভাগৰ শাস্ত্ৰী ভৱনত থকা কাৰ্যালয়টো ছীল কৰি দিয়া হৈছে।

শাস্ত্ৰী ভৱনৰ সূত্ৰই জানিবলৈ দিয়া মতে ‘এ’ উইংৰ চতুৰ্থ মহলাটো গেট নম্বৰ ১ৰ পৰা আৰম্ভ কৰি গেট নম্বৰ ৩ লৈকে ছীল কৰি দিয়া হৈছে।

গোটেই কাৰ্যালয়টো ছেনিটাইজ কৰাৰ কাম আৰম্ভ কৰা হৈছে। বুধবাৰলকৈ এই অংশটোৰ কিছু লিফ্ট আৰু গেট বন্ধ থাকিব।

যোৱা মাহত নীতি আয়োগৰ বিল্ডিংটো ছীল কৰি দিয়া হৈছিল। তাৰ পূৰ্বে ৰাজীৱ গান্ধী ভৱনতো কৰ’না পজিটিভ ৰোগী পোৱাৰ পাছত ছীল কৰা হৈছিল।

Related News