NORTHEAST NOW (Assamese)

কংগ্ৰেছেও আমুৱালে: এইবাৰ “বংগৰ বাঘিনী” ৰ দললৈ শত্ৰুঘ্ন সিনহা

March 15, 2022 12:30 pm · এন ই নাও নিউজ, গুৱাহাটী

ইখনৰ পিছত সিখন বলিউদৰ চিনেমাত পৃথক পৃথক চৰিত্ৰত অভিনয়েৰে ৰাইজৰ আগত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা অভিনেতা শত্ৰুঘ্ন সিনহাই এইবাৰ ৰাজনৈতিক মঞ্চতো পৃথক পৃথক দলৰ নেতাৰ চৰিত্ৰ ৰূপায়িত কৰিছে।

অভিনয় জগতৰ পৰা অৱসৰ লৈ ৰাজনৈতিক জগতলৈ ঢাপলি মেলি প্ৰথমে বিজেপি আৰু তাৰ পিছত কংগ্ৰেছলৈ ঢাপলি মেলা শত্ৰুঘ্ন সিনহাই এইবাৰ গ্ৰহণ কৰিছে তৃণমূল কংগ্ৰেছৰ সদস্য পদ।

প্ৰবীণ অভিনেতাগৰাকীয়ে আজি ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা আনুষ্ঠানিকভাৱে তৃণমূল কংগ্ৰেছত যোগদান কৰে।

টুইটাৰযোগে শত্ৰুঘ্ন সিনহাই তৃণমূলত যোগদানৰ কথা নিশ্চিত কৰে।

তৃণমূলৰ মুৰব্বী তথা বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক “বংগৰ বাঘিনী” আখ্যা দি শত্ৰুঘ্ন সিনহাই মমতা বেনাৰ্জীৰ আমন্ত্ৰণত টিএমচিত যোগদান কৰিছে বুলি জানিবলৈ দিয়ে।

 

Related News