NORTHEAST NOW (Assamese)

ছ’চিয়েল মিডিয়াত ‘লাইক’ আৰু ‘শ্বেয়াৰ’ একে নে? গোচৰ ৰুজুৰ ক্ষেত্ৰত স্পষ্টীকৰণ আদালতৰ

April 19, 2025 2:44 pm · এন ই নও নিউজ, গুৱহটী

ছ’চিয়েল মিডিয়াত এটা পোষ্ট ‘লাইক’ আৰু ‘শ্বেয়াৰ’ৰ মাজত পাৰ্থক্য কি? শেহতীয়া এটা গোচৰৰ শুনানি গ্ৰহণ কৰি এই বিষয়টো স্পষ্ট কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে। এজন ব্যক্তিয়ে ছ’চিয়েল মিডিয়াত এখন সমাৱেশৰ আহ্বান জনোৱা এটা পোষ্টত লাইক কৰিছিল। যিখন প্ৰশাসনে অবৈধ ঘোষণা কৰিছিল। উত্তৰ প্ৰদেশ আৰক্ষীয়ে পোষ্টটোৰ সৈতে জড়িত ব্যক্তিৰ লগতে ইয়াক ‘লাইক’ কৰা এজনৰ বিৰুদ্ধেও তথ্য প্ৰযুক্তি আইনৰ অধীনত গোচৰ ৰুজু কৰিছিল। কিন্তু আদালতে স্পষ্ট কৰি দিছে যে কেৱল এটা পোষ্ট ‘লাইক’ কৰাটো প্ৰকাশ বা প্ৰচাৰৰ সমান নহয়।

ন্যায়াধীশ সৌৰভ শ্ৰীবাস্তৱৰ একক বিচাৰপীঠে কয় যে ছ’চিয়েল মিডিয়াত কোনো বিষয়বস্তু ‘পোষ্ট’ কৰিলে তাক প্ৰকাশ বুলি গণ্য কৰা হয়। যদি পোষ্টটো ‘শ্বেয়াৰ’ বা ‘ৰিটুইট’ কৰা হয়, তেন্তে ই বিয়পি পৰে। কিন্তু কেৱল ‘লাইক’ কৰাটো প্ৰকাশ বা প্ৰচাৰ নহয়। এনে ক্ষেত্ৰত তথ্য প্ৰযুক্তি আইনৰ ৬৭ নং ধাৰা প্ৰযোজ্য নহয়, যিটো আপত্তিজনক সামগ্ৰী ইলেক্ট্ৰনিকভাৱে প্ৰকাশ বা বিতৰণৰ ক্ষেত্ৰত শাস্তিযোগ্য। অভিযুক্তৰ অধিবক্তাই দাবী কৰে যে  ছ’চিয়েল মিডিয়া হেণ্ডেলত এনে কোনো সামগ্ৰী নাছিল।

আৰক্ষীয়ে কয় যে তেওঁ হয়তো পোষ্টটো ‘ডিলিট’ কৰিছিল, কিন্তু হোৱাটছএপ আৰু অন্যান্য প্লেটফৰ্মত একেধৰণৰ বিষয়বস্তু দেখা গৈছিল।আদালতে প্ৰমাণ পৰীক্ষা কৰি দেখিছে যে অভিযুক্তই কেৱল আন কোনোবাই পোষ্ট ‘লাইক’ কৰিছিল। সেয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ে তথ্য প্ৰযুক্তি আইনৰ অধীনত তেওঁৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ খাৰিজ কৰে। এই ৰায়ে ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰৰ ক্ষেত্ৰত ‘লাইক’ আৰু ‘শ্বেয়াৰ’ৰ আইনী তাৎপৰ্য স্পষ্ট কৰি দিয়ে।

Related News