NORTHEAST NOW (Assamese)

শ্বিনা বৰা জীয়াই আছে, বৰ্তমান আছে কাশ্মীৰত! চিবিআইক চিঠি লিখি জনালে ইন্দ্ৰানী মুখাৰ্জীয়ে

December 16, 2021 10:08 am · এন ই নাও নিউজ,গুৱাহাটী
Updated: December 16, 2021 10:17 am

শ্বিনা বৰা হত্যকাণ্ডৰ নতুন মোৰ।

এইবাৰ শ্বিনা জীয়াই থকা বুলি দাবী কৰিছে শ্বিনাৰ মাতৃ ইন্দ্ৰানী মুখাৰ্জীয়ে।

শ্বিনা বৰা হত্যাত অভিযুক্ত হৈ বৰ্তমান কাৰাবন্দী হৈ ছকা ইন্দ্ৰানী মুখাৰ্জীয়ে চিবিআইক পত্ৰ লিখি এই কথা জনাইছে যে শ্বিনা বৰা মৰা নাই, তেওঁক হত্যাও কৰা হোৱা নাই, তেওঁ জীয়াই আছে।

ইন্দ্ৰানী মুখাৰ্জীয়ে চিবিআইলৈ লিখা পত্ৰ খনত এইবুলি উল্লেখ কৰিছে যে যি শ্বিনা বৰাক হত্যা কৰাৰ অপৰাধত তেওঁক কাৰাবন্দী কৰি ৰখা হৈছে সেইগৰাকী শ্বিনা বৰাৰ মৃত্যু হোৱা নাই, তেওঁ বৰ্তমান কাশ্মীৰত বাস কৰি আছে।

 ইণ্ডিয়া টুডেত পৰিৱেশন কৰা বাতৰি অনুসৰি ইন্দ্ৰানী মুখাৰ্জীয়ে চিবিআইলৈ লিখা পত্ৰ খনত এইবুলি উল্লেখ কৰিছে যে কিছুদিন পূৰ্বে তেওঁ কাৰাগাৰতে এগৰাকী মহিলাৰ সৈতে কথা পাতিছিল।

মহিলাগৰাকীয়ে তেওঁক জনাইছিল যে শ্বিনা বৰা বৰ্তমান কাশ্মীৰত আছে।

শ্বিনাক মহিলাগৰাকীয়ে কাশ্মীৰত দেখা পোৱা বুলিও ইন্দ্ৰানীয়ে উল্লেখ কৰিছে।

কাশ্মীৰত শ্বিনা বৰাৰ সন্ধান কৰিবলৈও পত্ৰ খনত ইন্দ্ৰানীয়ে চিবিআইক অনুৰোধ জনাইছে।

চিবিআইৰ আদালতত এই বিষয়ে ইন্দ্ৰানীয়ে অৱগত কৰা বুলিও জানিব পৰা গৈছে।

যদি ইন্দ্ৰানীৰ দাবী সঁচা হয় তেন্তে শ্বিনা বৰা হত্যাকাণ্ডৰ সকলো কথা সলনি হৈ পৰিব। উল্লেখ্য ২০১২ চনত ইন্দ্ৰানৈী মুখাৰ্জীয়ে শ্বিনা বৰাক হত্যা কৰা বুলি অভিযোগ উঠিছিল।

২০১৫ চনতহে এই হত্যাকাণ্ডৰ কথা পোহৰলৈ আহিছিল।

 

Related News