NORTHEAST NOW (Assamese)

ভাৰতীয় সেনা প্ৰধানৰ সৈতে বৈঠক বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ

June 7, 2023 10:38 am · এন ই নাও নিউজ, গুৱাহাটী

দুদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে বাংলাদেশত উপস্থিত হয় ভাৰতীয় সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডে। ভাৰতীয় সেনা প্ৰধানগৰাকী মঙলবাৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতে এক বৈঠকত মিলিত হয়।

এই বৈঠকত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই বাংলাদেশ আৰু ভাৰতীয় সেনাৰ সহযোগিতা শক্তিশালীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

তেওঁ লগতে দুয়োখন দেশৰ আন্তঃৰাষ্ট্ৰীয় শান্তিৰক্ষা অভিযানক দ্বিপাক্ষিক সহযোগিতাৰ নতুন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ পৰামৰ্শ দিয়ে।

জেনেৰেল মনোজ পাণ্ডেৰ সৈতে হোৱা বৈঠকত বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে বাংলাদেশৰ স্বাধীনতা যুঁজত ভাৰত চৰকাৰ আৰু ভাৰতীয় সেনাৰ সমৰ্থন তথা ভূমিকাৰ বিষয়েও বৈঠকত স্মৰণ কৰে।

এই সৌহাদ্যমূলক বৈঠকত ভাৰতীয় সেনা প্ৰধানগৰাকীয়ে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক প্ৰতিৰক্ষা উদ্যোগ খণ্ডত বাংলাদেশ আৰু ভাৰতৰ মাজত সহযোগিতা ভালদৰে আগবাঢ়িছে বুলি অৱগত কৰে।

উল্লেখ্য যে, সোমবাৰে ভাৰতীয় সেনাপ্ৰধান গৰাকীয়ে বাংলাদেশৰ সেনা প্ৰধান জেনেৰেল এছ এম ছফিউদ্দিন আহমেদক সাক্ষাৎ কৰিছিল।

সামৰিক বিবৃতি অনুসৰি দুয়োগৰাকী সেনা প্ৰধানে বৰ্তমানৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু ভৱিষ্যতৰ সহযোগিতাৰ বিষয়ে বৈঠকত আলোচনা কৰে।

Related News