NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

সংযুক্ত আৰৱ আমিৰাটৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 14, 2022 5:20 pm
UAE president

প্ৰাক্তন নেতা শ্বেখ খলিফাৰ মৃত্যুৰ এদিন পিছতে আজি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক সংযুক্ত আৰৱ আমিৰাটৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰা হৈছে।

আমিৰাটৰ চৰকাৰী সংবাদ মাধ্যমে এই কথা ৰাজহুৱা কৰিছে।

সংবাদ সংস্থা WAM- এ কয় যে শ্বেখ মহম্মদক আৰৱৰ ফেডাৰেল চুপ্ৰিম কাউন্সিলে ১৯৭১ চনত দেউতাকে প্ৰতিষ্ঠা কৰা তেল সমৃদ্ধ দেশখনৰ শাসক হিচাপে নিৰ্বাচিত কৰিছে।

‘এমবিজেড’ নামেৰে জনাজাত শ্বেখ মহম্মদে ইউ.এ.ই.-ৰ সাতখন আমিৰাতৰ শাসকৰ দ্বাৰা গঠিত ফেডাৰেল চুপ্ৰিম কাউন্সিলৰ সদস্যসকলক সাক্ষাৎ কৰিছিল।

উল্লেখ্য যে শুকুৰবাৰে মৃত্যু হোৱা শ্বেখ খলিফাই ২০১৪ চনৰ পৰা ষ্ট্ৰোকৰ পিছত কৰা অস্ত্ৰোপচাৰৰ পিছত কাচিৎহে ৰাজহুৱাভাৱে আত্মপ্ৰকাশ কৰিছিল।

এনে পৰিস্থিতিত শেহতীয়াকৈ মহম্মদ বিন জায়েদক ইউ.এ.ই.-ৰ প্ৰকৃত শাসক হিচাপে দেখা গৈছিল।