NORTHEAST NOW (Assamese)

খোমেনিৰ মৃত্যুত প্ৰতিবাদী মিছিল লৈ কাশ্মীৰৰ ৰাজপথত সহস্ৰাধিক ছিয়া মুছলমান

March 1, 2026 11:34 am · এন ই নাও নিউজ, গুৱাহাটী

ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ মৃত্যুত সমগ্ৰ কাশ্মীৰ উপত্যকাত শোকৰ ছাঁ পৰিছে। আমেৰিকা আৰু ইজৰাইলৰ যৌথ আক্ৰমণত খামেনেইৰ লগতে তেওঁৰ পৰিয়ালৰ সদস্যসকল নিহত হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে কাশ্মীৰৰ বিভিন্ন প্ৰান্তত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। দেওবাৰে শ্ৰীনগৰৰ ঐতিহাসিক ঘণ্টা ঘৰৰ সন্মুখত হাজাৰ হাজাৰ ছিয়া মুছলমান লোকে সমবেত হৈ এই হত্যাকাণ্ডৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে হাতত খামেনেইৰ ছবি, ইৰাণৰ পতাকা আৰু কলা-ৰঙা বেনাৰ লৈ ইজৰাইল তথা আমেৰিকা বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

শ্ৰীনগৰৰ উপৰি বুডগাম আৰু উপত্যকাৰ অন্যান্য ছিয়া সংখ্যাগৰিষ্ঠ অঞ্চলসমূহতো অনুৰূপ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। উল্লেখ্য যে আশীৰ দশকত শ্ৰীনগৰ ভ্ৰমণ কৰা খামেনেইক কাশ্মীৰৰ ছিয়া সম্প্ৰদায়ৰ লোকে গভীৰ শ্ৰদ্ধা কৰিছিল। ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমৰ তথ্য অনুসৰি এই আক্ৰমণত খামেনেইৰ লগতে তেওঁৰ কন্যা, জোঁৱাই আৰু নাতি-নাতিনীৰো মৃত্যু হৈছে। এই মৰ্মান্তিক ঘটনাই কাশ্মীৰৰ জনসাধাৰণক মৰ্মাহত কৰি তুলিছে আৰু ইয়াৰ প্ৰতিফলন ৰাজপথৰ প্ৰতিবাদত স্পষ্টকৈ দেখা গৈছে।

কাশ্মীৰৰ এই উত্তেজনাপূৰ্ণ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই। তেওঁ সকলো সম্প্ৰদায়ৰ লোককে শান্তি বজাই ৰাখিবলৈ আৰু কোনো ধৰণৰ অপ্ৰিয় পৰিস্থিতিৰ সৃষ্টি নকৰিবলৈ আহ্বান জনাইছে। চৰকাৰে আৰক্ষী আৰু প্ৰশাসনক সংযম অৱলম্বন কৰিবলৈ নিৰ্দেশ দিছে যাতে শোকসন্তপ্ত লোকসকলে শান্তিপূৰ্ণভাৱে নিজৰ দুখ প্ৰকাশ কৰিব পাৰে। ইয়াৰ উপৰি জম্মু-কাশ্মীৰ চৰকাৰে কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰালয়ৰ সৈতে যোগাযোগ কৰি ইৰাণত থকা কাশ্মীৰী ছাত্ৰ-ছাত্ৰী আৰু বাসিন্দাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে।

আনহাতে অল জে এণ্ড কে ছিয়া এছচিয়েশ্যনে এক বিবৃত্তিৰ জৰিয়তে খামেনেইৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁলোকে এই ক্ষতি অপূৰণীয় বুলি অভিহিত কৰি ইৰাণৰ জনসাধাৰণৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে। একেদৰে প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়েও এই আক্ৰমণক কঠোৰ ভাষাৰে গৰিহণা দিছে। তেওঁ ইয়াক ইতিহাসৰ এক কলংকিত অধ্যায় বুলি আখ্যা দিছে। বৰ্তমানৰ এই সংকটকালত ইৰাণৰ জনসাধাৰণক ধৈৰ্য্য ধৰিবলৈ আৰু অন্যায়ৰ বিৰুদ্ধে থিয় দিবলৈ তেওঁ আহ্বান জনাইছে।

Related News