NORTHEAST NOW (Assamese)

টি-২০ ক্ৰিকেটত ঈৰ্ষণীয় মাইলষ্ট’ন স্পৰ্শৰ দিশে শিখৰ ধাৱান: গেইল, ৱাৰ্ণাৰৰ সৈতে একে শাৰীত নাম অন্তৰ্ভুক্তিৰ সুযোগ

April 1, 2022 4:37 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 1, 2022 4:41 pm

ভাৰতৰ অভিজ্ঞ অপেনিং বেটাৰ শিখৰ ধাৱানে টি-২০ ক্ৰিকেটত এক ঈৰ্ষণীয় সফলতা অৰ্জন কৰাৰ দিশে গতি কৰিছে। চলিত আইপিএল- ত আজি পঞ্জাৱ কিংছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত অনুষ্ঠিত হ’বলগীয়া মেচখনতে এই সাফল্য অৰ্জন কৰাৰ সম্ভাৱনা আছে ধাৱানে।

টি-২০ ক্ৰিকেটত আক্ৰমণাত্মক বাওঁহাতৰ অপেনিং বেটাৰজনে এই পৰ্যন্ত ৯৯২ টা বাউণ্ডেৰী কোবাইছে। টি-২০ কেৰিয়াৰত ১০০০ টা বাউণ্ডেৰীৰ সংখ্যা স্পৰ্শ কৰিবলৈ ধাৱানক মাত্ৰ আঠটা বাউণ্ডেৰীৰ প্ৰয়োজন।

এই সফলতা অৰ্জন কৰা ধাৱান ক্ৰিকেট ইতিহাসৰ কেৱল চতুৰ্থ গৰাকী খেলুৱৈ হিচাপে পৰিগণিত হ’ব। টি-২০ ক্ৰিকেটত বৰ্তমানলৈকে কেৱল ডেভিদ ৱাৰ্ণাৰ, ক্ৰিছ গেইল আৰু এলেক্স হেলছেহে এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে।

যদি ধাৱানে ১০০০ বাউণ্ডেৰীৰ সীমা স্পৰ্শ কৰে, তেতিয়া এই কৃতিত্ব স্থাপন কৰা তেওঁ প্ৰথম গৰাকী ভাৰতীয় ক্ৰিকেটাৰ হোৱাৰ গৌৰৱ অৰ্জন কৰিব।

এই তালিকাৰ দ্বিতীয় স্থানত আছে ভাৰতৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলী। কোহলীয়ে এই পৰ্যন্ত টি-২০ কেৰিয়াৰত ৯১৭ টা বাউণ্ডেৰী কোবাইছে।

চলিত আইপিএল- ৰ বাবে পঞ্জাৱ কিংছে ধাৱানক নিলামত ৮.২৫ কোটি টকাত ক্ৰয় কৰিছিল। অভিজ্ঞ খেলুৱৈজনৰ পৰা চলিত টুৰ্নামেণ্টত নিশ্চয় সবল প্ৰদৰ্শন আশা কৰিব ফ্ৰেঞ্চাইজিটোৱে।

Related News