NORTHEAST NOW (Assamese)

আয়েছা অধ্যায়ৰ সমাপ্তি! ফেব্ৰুৱাৰী মাহৰ তৃতীয় সপ্তাহত দ্বিতীয়বাৰৰ বাবে বিবাহবন্ধনত শিখৰ ধাৱান

February 20, 2026 11:36 am · এন ই নাও নিউজ, গুৱাহাটী

অষ্ট্ৰেলিয়াৰ বঙালী ললনা আছিল আয়েছা মুখাৰ্জী। ভাৰতীয় দলৰ প্ৰাক্তন অ’পেনাৰ শিখৰ ধাৱানে বহু আগতেই সেই অধ্যায়ৰ অন্ত পেলাইছে। এইবাৰ তেওঁ দীৰ্ঘদিনীয়া আইৰিছ প্ৰেমিকা ছফী শ্বাইনৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব।

চলিত ফেব্ৰুৱাৰী মাহৰ তৃতীয় সপ্তাহত দিল্লী এন চি আৰত অনুষ্ঠিত হ’ব বিবাহ অনুষ্ঠান। ইতিমধ্যে শিখৰ ধাৱানে তেওঁলোকৰ সংগীত অনুষ্ঠানৰ এখন ছবি ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে। সেই ছবিখন নিমিষতে ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।

বৃহস্পতিবাৰে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ছবিখনত ছফী শ্বাইনে পাতল বাদামী ৰঙৰ লেহেংগা পিন্ধি থকা দেখা গৈছে। কাণত ঝুমকা, ডিঙিত গধুৰ হাৰ। শিখৰে হাতীদাঁতৰ ৰঙৰ পেণ্ট আৰু চাৰ্ট পিন্ধিছে। একে ৰঙৰ ব্লেজাৰ।

ইনষ্টাগ্ৰামত দুখন ছবি শ্বেয়াৰ কৰি শিখৰ ধাৱানে কেপচনত লিখিছে, “সংগীত নাইট। অলমোষ্ট দ্য ধাৱানছ।” ছ’চিয়েল মিডিয়াত ছবিখন ভাইৰেল হোৱাৰ লগে লগে কোনোৱে লিখিছে, “এই দম্পতীক কোনেও লক্ষ্য কৰা উচিত নহয়।” আন এজনে লিখিছে, “ৰব নে বনা দি জোড়ি।” আন কোনোৱে জানিব বিচাৰে, “চাৰিহাত কেতিয়া এক হৈ পৰিব?”

ধাৱানৰ ঘনিষ্ঠ সূত্ৰই কয় যে, “তেওঁলোকে স্থায়ীভাৱে একেলগে থকাৰ সিদ্ধান্ত লৈছে। দুয়োৱে নতুন জীৱন আৰম্ভ কৰিবলৈ ওলাইছে। একেলগে দুয়োজনে তেওঁলোকৰ সম্পৰ্কক লৈ অতি সুখী।”

ধাৱান আৰু ছফী শ্বাইনৰ বিয়াত উপস্থিত থাকিব ক্ৰিকেট জগতৰ লগতে বলীউডৰ বহু তাৰকা। ২০০৯ চনত আয়েছাৰ লগত এনগেজমেন্ট হৈছিল। ২০১২ চনত  আয়েছা আৰু ধাৱানে বিবাহপাশত আৱদ্ধ হৈছিল। গব্বৰ আয়েছাৰ দ্বিতীয় স্বামী। ইয়াৰ পূৰ্বে আয়েছাৰ বিবাহ হৈছিল এজন অষ্ট্ৰেলিয়ান ব্যৱসায়ীৰ সৈতে। তেওঁলোকৰ দুগৰাকী কন্যা সন্তান আছিল।

Related News