NORTHEAST NOW (Assamese)

ইন্টাৰনেটত গ্ৰন্থৰ সুৱাস বিলাইছে শ্বিলঙৰ এগৰাকী যুৱতীয়ে

July 24, 2020 7:17 pm · এন ই নাও নিউজ
Updated: July 24, 2020 7:31 pm

আহত আকাশ ক’তো নাই সুখ, হতাশাত ভাগি পৰা মানুহৰ মুখ…

.সচাঁকৈয়ে সুখে এতিয়া যেন পলাই ফাট মাৰিছে।

মহামাৰীৰ আতংকই খেদি ফুৰা মানুহৰ মন এতিয়া বিষন্নতাৰে ভৰিছে।

এনে সময়তে আশাৰ বীজ সিঁচি ইন্টাৰনেটৰ পৃথিৱীত গ্ৰন্থৰ সুৱাস বিয়পাই মানুহৰ মন সতেজ কৰাৰ চেষ্টাত ব্ৰতী হৈছে শ্বিলঙৰ এগৰাকী যুৱতীয়ে।

শ্বিলঙৰ যুৱতী দেৱাস্মিতা  ডে চৌধুৰীয়ে ক’ৰ’ণাতংকৰ সময়তে লিখি উলিয়াইছে এখন বিশেষ গ্ৰন্থ।

উত্তৰ পূৰ্বাঞ্চলৰ মহিলাৰ কঠোৰ জীৱন সংগ্ৰামক লৈ দেৱাস্মিতাই ৰচনা কৰা দ্য কোষ্ট অৱ ছানছাইন:থ্ৰি ৱমেন অৱ থ্ৰি জেনেৰেছনছ এণ্ড দ্য মেন ইন ডেয়াৰ লাইভছ শীৰ্ষক গ্ৰন্থ খনত জীৱন্ত ৰুপত প্ৰকট হৈছে নাৰী জীৱনৰ বাস্তৱ সত্যতা।

দ্য কোষ্ট অৱ ছানছাইন:থ্ৰি ৱমেন অৱ থ্ৰি জেনেৰেছনছ এণ্ড দ্য মেন ইন ডেয়াৰ লাইভছ গ্ৰন্থ খন ইতিমধ্যে অন লাইনত মুকলি কৰা হৈছে।

দেৱাস্মিতাৰ গ্ৰন্থখনে ইতিমধ্যে ইন্টাৰনেটৰ জগতত খলকনিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।

গ্ৰন্থ খন এমাজনত উপলদ্ধ।

গ্ৰন্থ খন সন্দৰ্ভত দেৱাস্মিতাই কয়—‘মানুহৰ জীৱনৰ চৌপাশে ৰং ভাঁহি ফুৰিছে।মই তেনে ৰঙৰ কিছু বুটলি লোৱাৰ চেষ্টা কৰিছো।’

Related News