NORTHEAST NOW (Assamese)
অসম

‘Shiv Sena Balasaheb’ ‘শিৱসেনা বালাচাহেব’ – একনাথ সিন্দেৰ নেতৃত্বত বিসম্বাদী শিবিৰৰ নতুন দলৰ নাম ঘোষণা

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী June 25, 2022 3:00 pm

জমি উঠিছে মহাৰাষ্ট্ৰ ৰাজনীতি।উদ্ধৱ ঠাকৰেৰ নেতৃত্বত মহা বিকাশ আঘাদী (এমভিএ) চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহৰ নেতৃত্ব দিয়া একনাথ সিন্দে শিবিৰে শনিবাৰে তেওঁলোকৰ নতুন দলৰ নাম ঘোষণা কৰিছে। সেইমৰ্মে বিসম্বাদী শিবিৰৰ নতুন দলৰ নাম হ’ব ‘শিৱসেনা বালাচাহেব’ ।

দলটোৱে আন কোনো দলৰ সৈতে মিত্ৰতা নকৰে বুলিও বিসম্বাদী শিবিৰে স্পষ্ট কৰি দিছে। মহাৰাষ্ট্ৰৰ মন্ত্ৰী তথা শিৱসেনাৰ নেতা একনাথ সিন্দেৰ নেতৃত্বত বিদ্ৰোহী গোটে ৰাজ্যখনত উদ্ধৱ থাকৰে নেতৃত্বাধীন চৰকাৰখন ভংগ কৰিবলৈ বিজেপিৰ সৈতে হাত মিলাব পাৰে বুলি বহুতে আলোচনা কৰাৰ সময়তে বিসম্বাদী শিবিৰে নতুন দলৰ নাম ঘোষণা কৰে।

“আমাৰ গোটটোক শিৱসেনা বালাচাহেব বুলি কোৱা হ’ব। আমি কোনো দলৰ সৈতে একত্ৰিত নহ’ম,” শিৱসেনাৰ বিদ্ৰোহী বিধায়ক দীপক কেচৰকাৰে কয়।

উদ্ধৱ থাকৰেৰ নেতৃত্বত শিৱসেনাই ১৬ জন বিদ্ৰোহী বিধায়কক অযোগ্য ঘোষণা কৰাৰ প্ৰস্তুতি চলোৱাৰ সময়তে বিসম্বাদী শিবিৰে নতুন দল খোলাৰ কথা ঘোষণা কৰে।

মহাৰাষ্ট্ৰ বিধানসভাৰ উপাধ্যক্ষ নাৰহাৰী জিৰৱালে ১৬ জন বিদ্ৰোহী শিৱসেনা বিধায়কলৈ অযোগ্যতাৰ জাননী প্ৰেৰণ কৰিব পাৰে বুলি জানিব পৰা গৈছে। উদ্ধৱ থাকৰে নেতৃত্বাধীন শিৱসেনাই একনাথ সিন্দেকে ধৰি ১৬ জন বিদ্ৰোহী বিধায়কৰ সদস্যপদ বিধানসভাত “উপস্থিত নথকাৰ” বাবে খাৰিজ কৰিবলৈ বিধানসভাৰ উপাধ্যক্ষৰ ওচৰত এখন আবেদন দাখিল কৰিছে।