NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’ণাত আক্ৰান্তজনে চিৰদিনৰ বাবে হেৰুৱাই পেলাব পাৰে ঘ্ৰাণ শক্তিঃ বিশেষজ্ঞৰ দাবী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 6, 2020 5:51 pm
thjc-mask-

ক’ৰ’ণা ভাইৰাছে কেতিয়া কাক কিদৰে আক্ৰান্ত কৰে সেয়া কোনেও কব নোৱাৰে।

অনেক সাৱধানতা অৱলম্ৱন কৰাৰ পিছতো বহু লোক ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ আহিছে।

বহুতৰে মতে ক’ৰ’ণা কোনো ভয়াৱহ ৰোগ নহয়।

এই ৰোগ চিকিৎসা কৰিলে সাত দিনত ভাল হয় আৰু চিকিৎসা নকৰিলে এসপ্তাহত ভাল হয় জাতীয় কথা কোৱা লোকো আমাৰ মাজতে আছে।

কিন্তু বহুতে ভবাৰ দৰে ক’ৰ’ণা ভাইৰাছে সৃষ্টি কৰা কোভিড-১৯ সহজ ভাৱে লব পৰা ৰোগ নহয়।

ক’ৰ’ণাত আক্ৰান্ত হৈ ইয়াৰ পৰা মুক্ত হোৱাৰ পিছত ৰোগীয়ে চিৰদিনৰ বাবে হেৰুৱাই পেলাব পাৰে ঘ্ৰাণ শক্তি।

এই দাবী কৰিছে পেৰিচৰ আনচমিয়া সংস্থাৰ অধ্যক্ষ জিন মাইকেল মেইলাৰ্ডে।

বিশেষজ্ঞ গৰাকীয়ে এই প্ৰসংগত কয় যে ক’ৰ’ণা ভাইৰাছৰ পৰা মুক্তহোৱাৰ অৰ্থ এয়া নহয় যে লোক এজন সকলো সময়তে সুস্থ হৈ থাকিব।

এই ভাইৰাছৰ পৰা মুক্ত হোৱাৰ পিছত বহুতেই হেৰুৱাই পালাব পাৰে ঘ্ৰাণ শক্তি ।

চিকিৎসা শাস্ত্ৰত যাকআনচমিয়া বুলি কোৱা হয়।

যি সকল ৰোগী ডায়েবেটিছত আক্ৰান্ত,পাৰকিন্সন,আলঝাইমাৰ আদি ৰোগত আক্তান্ত তেওঁলোকে ঘ্ৰাণ শক্তি হেৰুওৱাৰ আশংকা বেছি বুলি তেওঁ কয়।