NORTHEAST NOW (Assamese)
অসম

ৰাহুল গান্ধীয়ে প্ৰতিৰক্ষা বৈঠকত অংশগ্ৰহণ নকৰে কিন্তু দেশৰ মনোবল হ্ৰাস কৰা প্ৰচেষ্টা অব্যাহত ৰাখিছে : জে পি নড্ডা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 6, 2020 5:48 pm

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৰাষ্ট্ৰৰ মনোবল হ্ৰাস কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি সমালোচনা কৰে।

‘‘ৰাহুল গান্ধীয়ে প্ৰতিৰক্ষা বিভাগৰ কাৰ্য্যকৰী সমিতিৰ এখনো বৈঠকত অংশগ্ৰহণ কৰা নাই কিন্তু সেনা বাহিনীৰ সামৰ্থ্যৰ ওপৰত প্ৰশ্ন কৰে যিটো এজন ভাল নেতাই কৰিব নাপায়,’’ জে পি নড্ডাই ৰাহুল গান্ধীক কটাক্ষ কৰি কয়।

বিগত লোকসভা নিৰ্বাচনৰ পাছত গঠন হোৱা প্ৰতিৰক্ষা বিভাগৰ সমিতিখনে এতিয়ালৈ ১১ খন বৈঠকত অংশগ্ৰহণ কৰিছে আৰু এই এঘাৰখন বৈঠকৰ এখন বৈঠকতো ৰাহুল গান্ধীয়ে অংশগ্ৰহণ কৰা নায়।

উল্লেখযোগ্য যে, ভাৰত আৰু চীনৰ মাজৰ পূৱ লাডাখ সীমান্তত উত্তেজনা বিৰাজ কৰা সময়ৰ পৰাই ৰাহুল গান্ধীয়ে ভাৰত চৰকাৰক সমালোচনা কৰি আহিছে।

ৰাহুল গান্ধীয়ে দেশৰ সেনা প্ৰধান, প্ৰতিৰক্ষা মন্ত্ৰীয়ে দেশৰ সীমা সুৰক্ষিত হৈ আছে বুলি কোৱাৰ পাছতো বাৰে বাৰে চীন সেনা ভাৰতৰ ভিতৰত প্ৰৱেশ কৰিছে নে নাই বুলি প্ৰশ্ন কৰি আহিছে।

বিগত ১৫ জুনত লাডাখৰ গলৱানত ভাৰত আৰু চীনৰ সেনা বাহিনীৰ মাজত হোৱা ৰক্তক্ষয়ী সংঘৰ্ষত ২০ গৰাকী ভাৰতীয় সেনা জোৱানৰ মৃত্যু হৈছিল।