NORTHEAST NOW (Assamese)
Popular Stories

কংগোত লোমহৰ্ষক ঘটনা! ১৬৭ গৰাকী মহিলা কয়দীক ধৰ্ষণ কৰি জ্বলাই দিলে পুৰুষ কয়দীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 6, 2025 12:12 pm

মধ্য আফ্ৰিকাৰ দেশ কংগোৰ উত্তৰ কিভু প্ৰদেশৰ ৰাজধানী গোমাৰ এখন কাৰাগাৰত ধৰ্ষণ কৰি ১৬৫ৰ পৰা ১৬৭গৰাকী মহিলা কয়দীক জুই লগাই দিয়ে পুৰুষ কয়দীসকলে। ইতিমধ্যে জ্বলি যোৱা মহিলা বন্দীসকলৰ অধিকাংশই প্ৰাণ হেৰুৱাইছে।

যোৱা ৩ ফেব্ৰুৱাৰী সোমবাৰে মুনজেঞ্জে কাৰাগাৰত সংঘটিত হয় এই ভয়ংকৰ কাণ্ড। সেইদিনা চৰকাৰ বিৰোধী বিদ্ৰোহী সংগঠন M23 য়ে গোমা দখল কৰে। গোমাৰ পতনৰ পিছত মুনজেঞ্জে কাৰাগাৰৰ পৰা বন্দীসকলে ওলাই আহিবলৈ ধৰিলে।

অৱশ্যে এই কাৰাবন্দীসকলৰ একাংশই কাৰাগাৰৰ মহিলা কোঠালৈ গৈ মহিলা কয়দীসকলৰ ওপৰত জপিয়াই পৰে।

এই তথ্য ৰাষ্ট্ৰসংঘৰ আভ্যন্তৰীণ নথিত উল্লেখ কৰা হৈছে। সেই নথিখনৰ প্ৰতিলিপি বিবিচিৰ সংগ্ৰহত আছে। কিন্তু বিবিচিয়ে প্ৰকাশ কৰা অনুসৰি এই তথ্যৰ সত্যাসত্য নিৰূপণৰ বাবে ঘটনাস্থলীলৈ প্ৰতিনিধি প্ৰেৰণ কৰাটো ৰাষ্ট্ৰসংঘৰ বাবে সম্ভৱ নহয়।

উল্লেখ্য যে, কংগোৰ অন্যতম বৃহৎ আৰু গুৰুত্বপূৰ্ণ চহৰ গোমা। এম ২৩ বিদ্ৰোহী গোটৰ যোদ্ধাসকলে ৩ ফেব্ৰুৱাৰীত এক আচৰিত অভিযানত এক মিলিয়নতকৈ অধিক লোকৰ বাসস্থান এই চহৰখন দখল কৰে।

তেতিয়াৰ পৰাই গোমাত চৰম বিশৃংখলতা আৰম্ভ হৈছে। সেনা আৰু বিদ্ৰোহী যোদ্ধাৰ মাজত প্ৰায় অহৰহ যুদ্ধ চলি থাকে, আৰু ইয়াৰ ভুক্তভোগী মূলতঃ সাধাৰণ নাগৰিক। ছচিয়েল মিডিয়াত প্ৰচাৰিত ফুটেজত কংগোৰ ৰাজপথত পৰি থকা মৃতদেহ দেখা গৈছে।