NORTHEAST NOW (Assamese)
অসম

পুৱা ১১ বজাতে দোকান-পোহাৰ বন্ধ! : কি হ’ব সুৰাপায়ীসকলৰ? কেতিয়া খুলিব সুৰাৰ বিপণী?

May 15, 2021 7:29 pm
Wine Shops

ৰাজ্যত কোভিড পৰিস্থিতি ক্ৰমাৎ গুৰুতৰ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত পুনৰ নতুন কোভিড বিধি বলৱৎ কৰাৰ কথা ঘোষণা কৰিছে ৰাজ্যৰ প্ৰশাসনে।

সেই অনুসৰি দেওবাৰৰ পৰা ৰাজ্যত পুৱা ১১ বজাৰ পৰা পিছ দিনা পুৱা ৫ বজালৈকে দোকান-পোহাৰৰ লগতে সকলো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰিব লাগিব ব্যৱসায়ীসকলে।

এই নতুন কোভিড বিধি বলৱৎ কৰাৰ পিছত ৰাজ্যৰ সুৰাৰ বিপণীসমূহৰ কি হ’ব? এই প্ৰশ্নৰ উদ্ৰেক হৈছে।

উল্লেখ্য যে ৰাজ্যৰ আৱকাৰী বিভাগৰ প্ৰচলিত নিৰ্দেশনা অনুসৰি পুৱা ১১ বজাতহে সুৰাৰ বিপণীসমূহ খোলা হয়।

কাইলৈ পৰা নতুন কোভিড বিধি বলৱৎ হোৱাৰ লগে লগে ৰাজ্যৰ সুৰাৰ বিপণীসমূহ বন্ধ হৈ থাকিব নেকি? এনে পৰিপ্ৰেক্ষিতত ৰাজ্যৰ সুৰাৰ বিপণীসমূহ খোলাৰ ক্ষেত্ৰত আৱকাৰী বিভাগে কি নতুন নিৰ্দেশনা জাৰি কৰিব? এই প্ৰশ্ন উদয় হৈছে সুৰাপায়ীসকলৰ মনত।

এই প্ৰশ্নৰ উদয় হোৱাৰ সময়তে খবৰ আহিছে যে ৰাজ্য চৰকাৰৰ আৱকাৰী বিভাগে এই সম্পৰ্কীয় নতুন নিৰ্দেশনা জাৰি কৰিছে।

এই প্ৰতিবেদন প্ৰস্তুত কৰি থকাৰ সময়তে বিশেষ সূত্ৰে জানিব পৰা গৈছে যে আৱকাৰী বিভাগে নতুন নিৰ্দেশনা জাৰি কৰি পুৱা ৯ বজাৰ পৰা ১১ বজালৈকে দুঘণ্টাৰ বাবে সুৰাৰ বিপণী খোলাৰ অনুমতি দিছে।

অৱশ্যে এই মুহূৰ্তলৈকে ৰাজ্য চৰকাৰৰ আৱকাৰী বিভাগে আনুষ্ঠানিকভাৱে নতুন জাননীখন প্ৰকাশ কৰা নাই যদিও শীঘ্ৰেই জাননীখন প্ৰকাশ কৰিব বুলি জানিব পৰা গৈছে।