NORTHEAST NOW (Assamese)

ট্ৰাম্পৰ সংবাদ মেলৰ সময়তে হোৱাইট হাউছত গুলীচালনা : কেনে আছে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প?

August 11, 2020 2:47 pm · এন ই নাও নিউজ
Updated: August 11, 2020 2:52 pm

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ওপৰত আক্ৰমণ!

হোৱাইট হাউছত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সাংবাদ মেলত ব্যস্ত থকাৰ সময়তেই হোৱাইট হাউছৰ বাহিৰত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে।

সোমবাৰে ৰাষ্ট্ৰপতি ট্ৰাম্প হোৱাইট হাউছৰ ব্ৰিফিং ৰুমত ক’ৰ’না আৰু ৰাছিয়াৰ সন্দৰ্ভত সাংবাদিকৰ আগত বক্তব্য ৰাখি আছিল।

তেনে সময়তে হোৱাইট হাউছৰ বাহিৰত এজন সশস্ত্ৰ দুৰ্বৃত্তক সন্দেহজনক অৱস্থাত দেখা পাই নিৰাপত্তাৰক্ষীয়ে গুলীচালনা কৰে।

লগে লগে ট্ৰাম্পৰ ছিক্ৰেট চাৰ্ভিছৰ বিষয়াই ট্ৰাম্পৰ কাণে কাণে এই খবৰ দিয়ে আৰু সংবাদ মেলখন কিছু সময়ৰ কাৰণে বন্ধ কৰি দি ট্ৰাম্পক সুৰক্ষিত স্থানলৈ লৈ যায়।

কিছু সময়ৰ বাবে বন্ধ কৰি দিয়া হয় হোৱাইট হাউছৰ ব্ৰিফং ৰুম। আৰু নিৰাপত্তাৰ খাতিৰত ট্ৰাম্পক তাৰ পৰা লৈ যোৱা হয়। সাংবাদিকসকলকো তাতে নিৰাপদে আৱদ্ধ কৰি ৰখা হয়।

পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ পিছত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পুনৰ আৰম্ভ কৰে সংবাদ মেল।

ইফালে সশস্ত্ৰ লোকজনে কিয় হোৱাট হাউছত হাতত অস্ত্ৰ লৈ সন্দেহজনকভাৱে ঘূৰা ফুৰা কৰি আছিল সেয়া জানিব পৰা হোৱা নাই। গুলীবিদ্ধ লোকজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

উল্লেখ্য যে, কিছু মাহৰ পূৰ্বে আমেৰিকাত আৰম্ভ হোৱা বৰ্ণ বৈষম্য বিৰোধী আন্দোলনৰ সময়ৰ পৰা মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নিৰাপত্তাকলৈ একাধিকবাৰ প্ৰশ্ন উত্থাপন হৈ আহিছে।

বৰ্ণ বৈষম্য বিৰোধী আন্দোলনৰ সময়ত ৰাষ্ট্ৰপতি ট্ৰাম্পে হোৱাইট হাউছৰ বাঙ্কাৰত সোমাই নিজৰ জীৱন ৰক্ষা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল।

সোমবাৰৰ এই ঘটনাৰ পিছতে পুনৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ নিৰাপত্তাকলৈ প্ৰশ্নৰ উদ্ৰেক হৈছে।

Related News