NORTHEAST NOW (Assamese)
Popular Stories

ক’ভিডৰ দ্বিতীয় ঢৌ : পুনৰ দৰ্শনাৰ্থীৰ বাবে বন্ধ কৰি দিয়া হ’ল পুৰীৰ জগন্নাথ মন্দিৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 25, 2021 4:28 pm
ক’ভিডৰ দ্বিতীয় ঢৌ : পুনৰ দৰ্শনাৰ্থীৰ বাবে বন্ধ কৰি দিয়া হ’ল পুৰীৰ জগন্নাথ মন্দিৰ

ক’ভিডৰ দ্বিতীয় ঢৌৰ বাবে দৰ্শনাৰ্থীসকলৰ বাবে পুনৰ বন্ধ কৰি দিয়া হৈছে পুৰীৰ জগন্নাথ মন্দিৰ।

অনাগত পোন্ধৰ দিন পৰ্যন্ত দৰ্শনাৰ্থীসকলে মন্দিৰত প্ৰৱেশ কৰিব নোৱাৰিব।

অৱশ্যে মন্দিৰৰ পূজাৰীসকলে ৰীতি অনুযায়ী দৈনিক অৰ্চনা কৰি থাকিব।

তদুপৰি চলিত বৰ্ষৰ ৰথযাত্ৰাৰ বাবেও মন্দিৰৰ ভিতৰ পুৰোদ্যমে প্ৰস্তুতি চলি থাকিব বুলি মন্দিৰ কৰ্তৃপক্ষই জনাইছে।

উল্লেখযোগ্য যে যোৱা বৰ্ষৰ ক’ভিড মহামাৰিৰ বাবে ৯ মাহ বন্ধ ৰখা হৈছিল জগন্নাথ মন্দিৰ।

ডিচেম্বৰ মাহত দৰ্শনাৰ্থীসকলৰ বাবে মন্দিৰটো খোলাৰ পাছতে অসংখ্য লোকৰ সমাগম ঘটিছিল।

এতিয়া পুনৰ বন্ধ কৰিবলৈ সিদ্ধান্ত লোৱা হয়।

শনিবাৰে বহা এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

এই অনুসৰি ১৫ মে’ পৰ্যন্ত জগন্নাথ মন্দিৰৰ দোৱাৰ দৰ্শনাৰ্থীৰ বাবে বন্ধ ৰখা হ’ব।