NORTHEAST NOW (Assamese)

কাল অগ্নিকাণ্ডই পিতৃ মাতৃৰ বুকু উদং কৰা কণমানি ইশান আৰু ইবনলৈ শ্ৰদ্ধাঞ্জলি

January 24, 2020 11:13 am · কল্পজ্যোতি শইকীয়া
Updated: January 24, 2020 11:30 am

কাল অগ্নিকাণ্ডই পিতৃ মাতৃৰ বুকু উদং কৰি লৈ গ’ল কণমানি ইশান আৰু ইবনৰ প্ৰাণ। জীৱন্তে অগ্নি দগ্ধ হৈ কৰুণ মৃত্যুক সাৱটিলে দুই কণমানিয়ে।

উল্লেখযোগ্য যে, কালি মহানগৰীৰ ৱায়াৰলেছৰ বশিষ্টপুৰৰ এক নম্বৰ উপপথত নিজ গৃহতে সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত শিশু দুটি আৱদ্ধ হৈ পৰিছিল।

এই ঘটনাক অসহায়ভাৱে চাই ৰৈছিল শিশু দুটিৰ মাতৃ আৰু আইতাকে। নিয়তিৰ এই নিষ্ঠুৰ পৰিহাসক সহজভাৱে ল’ব পৰা নাই কোনো লোকে।

শোকত মৰ্মাহত সকলোৱে নিৰৱে চকুলো টুকিছে। ৮ বছৰীয়া ইশানে অধ্যয়ন কৰিছিল মহানগৰীৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান শ্ৰীমন্ত শংকৰদেৱ একাডেমীত।

তৃতীয় শ্ৰেণীত অধ্যয়ণৰতঃ ইশান আৰু ইবনৰ মৃত্যুক সহজভাৱে ল’ব পৰা নাই বিদ্যালয়খনৰ অধ্যক্ষ, শিক্ষক-শিক্ষয়িত্ৰী ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয় কৰ্তৃপক্ষই। সকলোৱে ইশান আৰু তেওঁৰ ৩ বছৰীয়া কণমানি ভাতৃ ইবনলৈ জনায় অশ্ৰুশিক্ত শ্ৰদ্ধাঞ্জলি। আজি পুৱা বিদ্যালয় চৌহদত কণমানি দুটিৰ ফটোত মাল্যাৰ্পণ কৰাৰ লগতে সকলোৱে আত্মাৰ সদগতি কামনা কৰি ২ মিনিট সময় মৌন প্ৰাৰ্থনা কৰে।

‘কালিৰ ঘটনাটো আমাৰ বিদ্যালয় আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে অতি মৰ্মান্তিক। ইশান আমাৰ বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ আছিল। ইশানে কোনো দিনে শিক্ষকৰ বাক্য অবজ্ঞা কৰা নাছিল। ইশানক কিবা এটা কৰিবলৈ দিলে লগে লগে সম্পন্ন কৰিছিল। অনবৰতে হাঁহি থকা ইশানক আমি কোনেও পাহৰিব নোৱাৰো।‘ বিদ্যালয়ৰ অধ্যক্ষ ড০ গীতা দত্ত বৰুৱাই আমাৰ সাংবাদিকৰ আগত এইদৰে কয়।

ইপিনে পিতৃ মাতৃ আৰু পৰিয়ালে কণমানি দুটিক মৰমতে ভগৱানৰ নামেৰে মাতিছিল। ইশানক মাতিছিল ঔম বুলি আৰু ইবনক নমো বুলি মাতিছিল পৰিয়ালবৰ্গই।

‘মাক দেউতাকে তেওঁলোকৰ ঘৰত মতা নাম ঔম আৰু নমো থৈছিল যাতে ঈশ্বৰৰ নামকে লৈ থকা হয়। সেইকাৰণে ঈশ্বৰে নিজৰ প্ৰিয় কৰি লৈ গ’ল নেকি?’ অধ্যক্ষই দুখ প্ৰকাশ কৰি কয়।

উল্লেখযোগ্য যে, কালি এই শোকাৱহ ঘটনাৰ ইতিমধ্যে তদন্ত ঘোষণা কৰিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

Related News