NORTHEAST NOW (Assamese)
Popular Stories

শুভমন গীলক এদিনীয়া দলৰ অধিনায়কৰ দায়িত্ব: ৰোহিতৰ স্থানত এই সিদ্ধান্ত সঠিক নে?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 7, 2025 8:33 pm

ভাৰতীয় ক্ৰিকেট কন্ট্ৰ‘ল ব’ৰ্ড (বিচিচিআই)য়ে অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে এদিনীয়া দলৰ অধিনায়ক হিচাপে তৰুণ বেটছমেন শুভমন গীলক দায়িত্ব অৰ্পন কৰিছে। ৰোহিত শৰ্মাৰ পৰিৱৰ্তে লোৱা এই সিদ্ধান্তে ক্ৰিকেটৰ ক্ষেত্ৰখনত  বহুল চৰ্চা লাকৰিছে। বিশেষজ্ঞসকলে কয় যে গীলৰ অধিনায়কত্বত দুই প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে খেলিব, যদিও এই পৰিৱৰ্তনটো বিশ্বকাপৰ ঠিক পূৰ্বে হোৱাৰ বাবে সহজে ল’ব পৰা নাই একাংশ বিশেষজ্ঞই। এই শৃংখলাত শ্ৰেয়স আয়াৰক সহঃ অধিনায়কৰ দায়িত্ব প্ৰদান কৰা হৈছে।

বিচিচিআইৰ এই সিদ্ধান্তৰ পিছত বিশেষজ্ঞসকলে শংকা প্ৰকাশ কৰি কয় ৰোহিতৰ স্থানত গীলক অধিনায়ক কৰাটো ভুল সিদ্ধান্ত হ’ব পাৰে। প্ৰথমতে, নেতৃত্বৰ অতিৰিক্ত চাপে তৰুণ খেলুৱাইয়ক ক্ষতি পোহৰাইতে পাৰে। গীল ইতিমধ্যে টেষ্ট দলৰ অধিনায়ক হিচাপে কাম কৰিছে আৰু এতিয়া এদিনীয়াৰ দায়িত্বো লৈছে। দুই ফৰ্মেটত অধিনায়কত্ব চম্ভালাটো যিকোনো খেলুৱাইৰ বাবে প্ৰত্যাহ্বানপূৰ্ণ। বহু বিশেষজ্ঞৰ মত যে এই চাপে গীলৰ ক্ৰিকেট যাত্ৰাত বাধাৰ সৃষ্টি কৰিব পাৰে।

ৱৰ্কলোড মেনেজমেণ্টক লৈ শংকা প্ৰকাশ কৰি বিশেষজ্ঞ সকলে কয় যে, কিয়নো গীল ভাৰতৰ টপ অৰ্ডাৰৰ অন্যতম নিৰ্ভৰযোগ্য বেটছমেন। তিনিখনীয়া ফৰ্মেটত অধিনায়কত্বৰ দায়িত্ব লোৱাৰ ফলত তেওঁৰ কান্ধত গধূৰ বোজা পৰিব। বিশ্ৰামৰ সুযোগ নাপালে তেওঁৰ ফৰ্ম আৰু ফিটনেছ দুয়োটা ক্ষতিগ্ৰস্ত হ’ব পাৰে। অতিৰিক্ত কামৰ বোজাই প্ৰতিভাৱান খেলুৱৈক ভৱিষ্যতে ক্লান্ত কৰি তুলিব পাৰে বুলি বিশেষজ্ঞসকলে সতৰ্কবাণী জাৰি কৰিছে।

ইফালে বিচিচিআইয়ে জনাইছে যে গীল ২০২৭ চনৰ এদিনীয়া বিশ্বকাপতো অধিনায়ক হ’ব। কিন্তু সেই টুৰ্ণামেণ্টৰ বাবে অধিক দুবছৰ সময় বাকী। এই সময়ত খেলুৱাইসকলৰ ফৰ্ম, ফিটনেছ বা দলত নতুন প্ৰতিভাৰ আবিৰ্ভাৱ হ’ব পাৰে। ফলত ইমান আগতে চূড়ান্ত সিদ্ধান্ত লোৱাটো খৰখেদা বুলি বহুতে ধাৰণা কৰিছে।

বিচিচিআইৰ এই পদক্ষেপৰ পৰা বুজা যায় যে দল গঠনত ভৱিষ্যতৰ প্ৰতি গুৰুত্ব দিয়া হৈছে। কিন্তু প্ৰশ্ন উঠিছে – এই সিদ্ধান্তত ভাৰতীয় দলে অলপ বেছি খৰখেদা কৰিছে নেকি? অধিনায়কত্বৰ ভাৰে গীলৰ বেটিং ধাৰাবাহিকতাক প্ৰভাৱিত হ’লে দলটোৰ ক্ষতি হ’ব পাৰে। সময়ে ক’ব এই সিদ্ধান্ত সঠিক হৈছে নে নাই।