NORTHEAST NOW (Assamese)
অসম

অসম আৰু গুজৰাটৰ বান আৰু ভূমিস্খলন ৰোধৰ বাবে ৭০৭.৯৭ কোটি টকা অনুমোদন কেন্দ্ৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 7, 2025 9:30 pm

গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি, বান আৰু ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হোৱা অসম আৰু গুজৰাটৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত ৭০৭.৯৭ কোটি টকা অতিৰিক্ত কেন্দ্ৰীয় সাহায্যৰ অনুমোদন জনাইছে।

জানিব পৰা মতে, ইয়াৰে ৩১৩.৬৯ কোটি টকা অসমে আৰু ৩৯৪.২৮ কোটি টকা গুজৰাটে লাভ কৰিব।  ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰতিৰোধ পুঁজিৰ পৰা এই সাহায্য প্ৰদান কৰা হব।

ইয়াৰ উপৰিও হাৰিয়ানা, মধ্যপ্ৰদেশ, আৰু ৰাজস্থানত অগ্নিনিৰ্বাপক সেৱা সম্প্ৰসাৰণ আৰু আধুনিকীকৰণৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰতিৰোধ পুঁজিৰ পৰা ৯০৩.৬৭ কোটি টকা অনুমোদন জনোৱা হৈছে।  ইয়াৰে হাৰিয়ানাই ১১৭.১৯ কোটি, মধ্যপ্ৰদেশে ৩৯৭.৫৪ কোটি, আৰু ৰাজস্থানে ৩৮৮.৯৪ কোটি টকা লাভ কৰিব।