NORTHEAST NOW (Assamese)
Popular Stories

কাজিৰঙাত প্ৰথমবাৰ কীট-পতংগ আৰু মকৰাৰ বৈজ্ঞানিক জৰীপ সম্পন্নঃ আৱিষ্কৃত ২৮৩ প্ৰজাতি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 8, 2025 7:21 am

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলত প্ৰথমবাৰৰ বাবে সম্পন্ন হৈছে কীট-পতংগ আৰু মকৰাৰ অন্বেষণমূলক বৈজ্ঞানিক অধ্যয়ন, য’ত নথিভুক্ত কৰা হৈছে মুঠ ২৮৩ প্ৰজাতিৰ কীট-পতংগ আৰু মকৰা। এই জৰীপটো ‘দ্য কৰবেট ফাউণ্ডেশ্যন’-ৰ কীট-পতংগ বিজ্ঞানীসকলে কাজিৰঙা উদ্যানৰ কৰ্তৃপক্ষৰ সহযোগত চলাইছে।

এই অধ্যয়নত ২৫৪টা প্ৰজাতিৰ কীট-পতংগ আৰু ২৯ প্ৰজাতিৰ মকৰাৰ তথ্য সংগ্ৰহ কৰা হৈছে। পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ অন্তৰ্গত পাণবাৰী সংৰক্ষিত বনাঞ্চলত সম্পন্ন হোৱা এই জৰীপৰ ফলাফল কাজিৰঙাৰ জৈৱ-বৈচিত্ৰ্যৰ এক নতুন অধ্যায় উন্মোচন কৰিছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক ডঃ সোণালী ঘোষে ইটিভি ভাৰতৰ সৈতে কথোপকথনত কয় যে

 “কাজিৰঙাৰ জৈৱ বৈচিত্ৰ্য অনন্য। কিন্তু বৃহৎ জন্তুবোৰৰ বিপৰীতে কীট-পতংগ, পখিলা বা মকৰাৰ গণনা কৰাটো এক ডাঙৰ চেলেঞ্জ। সেইকাৰণে আমি ফটোগ্ৰাফিক জৰীপৰ মাধ্যমত তথ্য সংগ্ৰহ আৰম্ভ কৰিছোঁ।”

জৰীপটোত বীটলছ, ৱাস্প, পখিলা, ম’থ আৰু মকৰা আদি প্ৰজাতি সন্নিৱিষ্ট হৈছে। ডঃ ঘোষে জনায়, এই জৰীপৰ দ্বাৰা কাজিৰঙাৰ স্থানীয় প্ৰজাতিসমূহক নতুন দৃষ্টিৰে চিনাক্ত কৰা হৈছে আৰু শীঘ্ৰেই কেৱল মকৰাৰ ওপৰত পৃথক অধ্যয়ন আৰম্ভ কৰা হ’ব।

জৰীপৰ তথ্য অনুসৰি —

৮৫ প্ৰজাতিৰ পখিলা আৰু ম’থ (৩০%)

৪০ প্ৰজাতিৰ পিঁপৰা, মৌ-মাখি, বৰল জাতীয় (১৪%)

৩৫ প্ৰজাতিৰ বীটলছ (১২%)

বিশেষজ্ঞসকলে কয়, বনাঞ্চল ধ্বংস, জলবায়ু পৰিৱৰ্তন আৰু বাসস্থান হ্ৰাসৰ ফলত বিশ্বজুৰি প্ৰায় ৪০% কীট-পতংগ প্ৰজাতি বিলুপ্তিৰ সন্মুখীন। সেই দিশৰ পৰা এই অধ্যয়ন এক সময়োপযোগী পদক্ষেপ।

এই কীট-পতংগসমূহ হৈছে পৰিৱেশ তন্ত্ৰৰ অপৰিহাৰ্য অংশ বীজ বিয়পাই দিয়া, মাটিৰ স্বাস্থ্য বৰ্তাই ৰখা, উদ্ভিদৰ পুনৰোৎপাদন আৰু খাদ্যজালৰ ভিত্তি গঠন কৰা। এই অধ্যয়ন কাজিৰঙাৰ পৰিৱেশ তন্ত্ৰক বুজি পোৱাৰ দিশত এক মাইলষ্টোন হিচাপে গণ্য কৰা হৈছে।

২৬ ছেপ্তেম্বৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলিৰ অনুষ্ঠানত সাংসদ কামাখ্যা প্ৰসাদ তাচা, বিধায়ক মৃণাল শইকীয়া, আৰু ৰাজ্যৰ মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) ডঃ বিনয় গুপ্তাৰ উপস্থিতিত এই জৰীপ প্ৰতিবেদন প্ৰকাশ কৰা হয়।

পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সামাজিক মাধ্যমত এই অধ্যয়নক অভিনন্দন জনাই কয় যে “কাজিৰঙাৰ বৈচিত্ৰ্যৰ সৰু জীৱবোৰো বৃহৎ পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাত একে ধৰণে গুৰুত্বপূৰ্ণ। এই অধ্যয়নে সেই সত্যক পুনৰ প্ৰতিষ্ঠা কৰিছে।”