NORTHEAST NOW (Assamese)

আত্মসমৰ্পণ কৰিবলৈ আহি থকা অৱস্থাত গ্ৰেপ্তাৰ বিজেপি নেতা দিবন ডেকা

October 1, 2020 7:44 am · কল্পজ্যোতি শইকীয়া

গুৱাহাটীলৈ আত্মসমৰ্পণ কৰিবলৈ আহি থকা অৱস্থাত গ্ৰেপ্তাৰ হৈছে বিজেপি নেতা দিবন ডেকা। বিজেপি নেতা গৰাকীক আৰক্ষীয়ে পাটাছাৰকুছিৰ পৰা গ্ৰেপ্তাৰ কৰে।

গুৱাহাটীৰ কাহিলিপাৰাস্থিত আৰক্ষীৰ বিশেষ শাখাত আত্মসমৰ্পণ কৰিবলৈ আহি থকা অৱস্থাত অভিযান চলাই গ্ৰেপ্তাৰ কৰে পাটাছাৰকুছি আৰক্ষী থানাই।

বৰ্তমান আৰক্ষীৰ জিম্মাত আছে দিবন ডেকা।

উল্লেখযোগ্য যে, আত্ম সমৰ্পণ কৰাৰ বাবে গুৱাহাটী অভিমুখে আহি আছিল আৰক্ষী উপ-পৰিদৰ্শক নিযুক্তিৰ প্ৰশ্নকাকত ফাদিলৰ অভিযুক্ত বিজেপি নেতা দিবন ডেকা।

এই ঘটনাত নাম সাঙোৰ খোৱাৰ পাছতে দিবনে এক ফেইচবুক পোষ্টযোগে আৰক্ষীৰ উচ্চ পদস্থ বিষয়া এই প্ৰশ্ন কাকত ফাদিলৰ ঘটনাৰ সৈতে জড়িত থকা বুলি বিস্ফোৰক অভিযোগ তুলিছিল।

দিবন ডেকাৰ বিৰুদ্ধে একোখন প্ৰশ্নকাকত এক লাখ টকা ধনৰ বিনিময়ত কিছু সংখ্যক পৰীক্ষাৰ্থীৰ মাজত বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল।

প্ৰাপ্ত খবৰ অনুসৰি বিজেপি নেতা দিবন ডেকাই পৰীক্ষাৰ প্ৰশ্নকাকত ছপোৱাৰ ঠিকা লাভ কৰিছিল।

দিবন ডেকাৰ এটা ছপাশাল থকাৰ কথাও জানিব পৰা গৈছে।

Related News