NORTHEAST NOW (Assamese)
অসম

কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে সাজু শিৱসাগৰ জিলা শিক্ষা বিভাগ

Posted by: পার্শ্বজোতি গগৈ, শিৱসাগৰ Updated by: পার্শ্বজোতি গগৈ, শিৱসাগৰ March 14, 2022 3:02 pm
Sibsagar HSLC

ৰাজ্যত কাইলৈৰ পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। হাইস্কুল শিক্ষান্ত পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ শিৱসাগৰ জিলাৰ শিক্ষা বিভাগো সাজু হৈ পৰিছে।

জিলাখনৰ বিভিন্ন পৰীক্ষা কেন্দ্ৰসমুহ ইতিমধ্যে সাজু কৰি তোলা হৈছে।

শিৱসাগৰ জিলাত মুঠ ২৯টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। জিলাখনৰ মুঠ ৮,৮৮০ গৰাকী পৰীক্ষাৰ্থীয়ে এইবাৰ এই পৰীক্ষাত অৱৰ্তীণ হ’ব।

লগতে পঢ়ক: ডিব্ৰুগড়ত গৰ্ভৱতী পত্নীক গুলীয়াই হত্যা অসম আৰক্ষী কনিষ্টবলৰ

ইপিনে, উচ্চতৰ মাধ্যমিক পৰীক্ষাত শিৱসাগৰ জিলাত প্ৰায় ৮,০০০ পৰীক্ষাৰ্থীয়ে অৱৰ্তীণ হ’ব। ইয়াৰে ৩৪০২জন বিপিএল পৰীক্ষাৰ্থী। এই বিপিএল পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ মাচুল দিব নালাগে।

হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ শিৱসাগৰ জিলাৰ শিক্ষা বিভাগ সম্পূৰ্ণৰূপে সাজু হোৱাৰ কথা জানিবলৈ দিছে শিৱসাগৰ জিলাৰ বিদ্যালয়সমুহৰ পৰিদৰ্শক কমল গগৈয়ে।

লগতে পঢ়ক: ধৰ্মীয় অসহিষ্ণুতা! মধ্য প্ৰদেশৰ নৰ্মদাপুৰমত মছজিদ লণ্ড-ভণ্ড কৰি গেৰুৱা ৰং সানি দিলে দুৰ্বৃত্তই

উল্লেখ্য যে ক’ভিডৰ বাবে ২০২১ বৰ্ষত অনুষ্ঠিত হোৱা নাছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা। যাৰ বাবে ২০২১বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্নকাকত আৰু উত্তৰবহী এই বৰ্ষৰ পৰীক্ষাত ব্যৱহাৰ কৰা হ’ব বুলি ইতিমধ্যে ছেবাই ঘোষণা কৰিছে।