NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত জাতীয় সংগঠনৰ নেতাক বিচাৰি ঘৰে ঘৰে আৰক্ষীৰ অভিযান; ৪ নেতাক আটক

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ May 25, 2021 6:33 am
Sibsagar leaders

সোমবাৰে নিশা শিৱসাগৰৰ বহুকেইটা জাতীয় সংগঠনৰ নেতাক ঘৰৰ পৰা আটক কৰে আৰক্ষীয়ে। আৰক্ষীয়ে মানস কোঁৱৰ, জিন্তু মেছ, পদ্মকান্ত দাস আৰু চিতু বৰুৱাক আটক কৰে।

শিৱসাগৰৰ শিমলুগুৰি আৰক্ষীয়ে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি  মানস কোঁৱৰক নিশা প্ৰায় ১০ মান বজাত শিমলুগুৰিৰ ঘৰৰ পৰা আটক কৰে।

ইপিনে নিশা প্ৰায় ১১.৩০ মান বজাত অসম ছাত্ৰ সন্মিলনীৰ নেতা জিন্তু মেছ আৰু ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক পদ্মকান্ত দাসক ঘৰৰ পৰা শিৱসাগৰ আৰক্ষীয়ে আটক কৰি আনে।

আনহাতে, নিশা প্ৰায় ১.৩০ মান বজাত বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলাৰ সভাপতি চিতু বৰুৱাক শোৱা পাতিৰ পৰা শিৱসাগৰ আৰক্ষীয়ে আটক কৰি আনে।

কি কাৰণত এই কেইজন জাতীয় সংগঠনৰ নেতাক মাজনিশা আৰক্ষীয়ে ঘৰৰ পৰা আটক কৰিছে সেই বিষয়ে কোনো কথা প্ৰকাশ কৰা নাই শিৱসাগৰ আৰক্ষীয়ে।