NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক মজহাৰুৰ ৰহমানৰ দেহাৱসানঃ দল-সংগঠনৰ শোক প্ৰকাশ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 18, 2024 8:57 am
Sibsagar University

শিৱসাগৰৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ তথা শিৱসাগৰ বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক মজহাৰুৰ ৰহমান ওৰফে জেৰীৰ (৫৯) শনিবাৰে বাবুপট্টিস্থিত নিজ বাসভৱনত মৃত্যু হয়।

মৃত্যুৰ সময়ত তেওঁ পত্নীৰ লগতে এগৰাকী কন্যা সন্তানক এৰি থৈ যায়। ছাত্ৰাৱস্থাত অত্যন্ত মেধাৱী ছাত্ৰ হিচাপে নিজৰ পৰিচয় দাঙি ধৰা মজহাৰুৰ ৰহমানে যোৰহাট ইঞ্জিনীয়াৰং কলেজৰ পৰা প্ৰথম বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।

প্ৰায় একক প্ৰচেষ্টাৰেই তেওঁ বৰ্তমানৰ শিৱসাগৰ বিশ্ববিদ্যালয় তথা তেতিয়াৰ শিৱসাগৰ কলেজত কম্পিউটাৰ বিজ্ঞান বিভাগ স্থাপন কৰিছিল।

মৃত্যৰ সময়লৈকে তেওঁ বিভাগটোৰ মুৰব্বী অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। তেওঁৰ মৃত্যুৱে সমগ্ৰ জিলাখনকে শোকাহত কৰি তুলিছে।

মৃত্যুৰ পিছতে তেওঁৰ নশ্বৰদেহ কৰ্মস্থলী শিৱসাগৰ বিশ্ববিদ্যালয় নিয়া হয়। এক শোকাকুল পৰিৱেশত অধ্যক্ষ, উপাধ্যক্ষ, অধ্যাপক-অধ্যাপিকা, ছাত্ৰ-ছাত্ৰী তথা কৰ্মাচাৰীসকলে তেওঁলৈ শেষ শ্ৰদ্ধা জনায়।

সন্ধিয়া প্ৰায় ৬.৪৫ বজাত স্থানীয় দৰবাৰ ফিল্ড  কবৰস্থানত তেওঁৰ জানাজা সম্পন্ন কৰা হয়। তেওঁৰ মৃত্যুত বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰি তেওঁৰ মৃত্যু সমগ্ৰ জিলাখনৰ বাবে এক অপূৰণীয় ক্ষতি আখ্যা দিয়ে।