NORTHEAST NOW (Assamese)
ক্ৰীড়া

“ই চালা কাপ নামডু“! খৰাঙৰ অন্তঃ ৱ’মেন প্ৰিমিয়াৰ লীগৰ খিতাপ দখল আৰ চি বিৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 18, 2024 10:40 am
Women's Premier League 2024 RCB

“ই চালা কাপ নামডে“….. প্ৰতিবাৰেই ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ আৰম্ভ হোৱাৰ সময়ত ৰয়েল চেলেঞ্জাৰ্চ বাংগালুৰু দলৰ অনুৰাগীৰ মুখত ধ্বনিত হয় এই শ্ল’গান। কিন্তু দুৰ্ভাগ্যৱশতঃ প্ৰতিবাৰেই আশাভংগৰ বেদনাই দহে অনুৰাগীৰ সকলক।

অৱশেষত এই ১৬ বছৰীয়া খৰাঙৰ অন্ত পৰিল। ফ্ৰেন্সইজিটোৰ পুৰুষ দলে খিতাপ জয় কৰিবলৈ এইপৰ্যন্ত সক্ষম নহ’লেও মহিলা দলটোৱে দেওবাৰে দখল কৰে এই ছিজনৰ ৱ’মেন প্ৰিমিয়াৰ লীগৰ খিতাপ। খিতাপ দখলৰ পিছতে অধিনায়ক স্মৃতি মান্ধানাই কৈ উঠিল, “ই চালা কাপ নামডু“।

দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত কালি অনুষ্ঠিত হোৱা ফাইনেলত দিল্লী কেপিটেলছৰ বিৰুদ্ধে ৮ উইকেটত জয়লাভ কৰে ৰয়েল চেলেঞ্জাৰ্চ বাংগালুৰুৱে। দিল্লীয়ে বান্ধি দিয়া ১১৪ ৰাণৰ লক্ষ্য আৰ চি বিয়ে সহজেই ২ টা উইকেট হেৰুৱাই অতিক্ৰম কৰি দ্বিতীয় সংস্কৰণৰ WPL ৰ খিতাপ জয় কৰে।

Emotions overflowed as RCB clinched their maiden trophy

প্ৰথমে বেটিং কৰি দিল্লীয়ে এক সফল আৰম্ভণিৰ পিছতো মাত্ৰ ১১৩ ৰাণত অলআউট হয়। দলৰ দুই অপেনাৰ শ্বেফালি বাৰ্মা আৰু অধিনায়ক মেগ লেনিঙে মাত্ৰ ৪ অভাৰত ৬৪ ৰাণ যোগ দিছিল। কিন্তু তাৰ পিছতে পঞ্চম অভাৰত দলটোৰ ত্ৰাসৰ কাৰণ হৈ পৰে ছফী মলিনেক্স।

অভাৰৰ প্ৰথমটো বলতে মলিনেক্সৰ চিকাৰ হয় শ্বেফালি। পেভিলিয়নলৈ উভতাৰ পূৰ্বে শ্বেফালিয়ে মাত্ৰ ২৭ টা বলত ২টা চাৰি আৰু ৩টা ছয়েৰে ৪৪ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ পিছতে মলিনেক্সে একেলগে দুটা বলত জেমিমা আৰু কেপছীক বিদায় দিয়ে।

এই বিপদৰ পৰা আৰু মূৰ দাঙি উঠিব নোৱাৰিলে দিল্লী। ধাৰাবাহিক উইকেট পতনৰ ফলত ১৮.৩টা বলত ১১৩ ৰাণত অলআউট হয়। দললৈ অধিনায়ক লেনিঙে দ্বিতীয় সৰ্বাধিক ২৩ ৰাণৰ বৰঙণি আগবঢ়ায়। ৰাধা যাদৱ আৰু অৰুন্ধতী ৰেড্ডীৰ বেটৰ পৰা আহে ক্ৰমে ১২ আৰু ১০ ৰাণ।

The dugout breaks into celebrations

দিল্লীৰ বিপৰ্যয়ৰ কাৰণ হৈ পৰা বাংগালুৰুৰ মলিনেক্সে ৩টা উইকেট দখল কৰাৰ কৰাৰ লগতে শ্ৰেয়াংকা পাটিলে ৪টা উইকেট দখল কৰে। আশা সোভানাৰ হাতলৈ যায় দুটা উইকেট। এই সহজ লক্ষ্য আগত লৈ বাংগালুৰুৰ অপেনিং যুটী মান্ধানা আৰু চ’ফী ডিভাইনে ধৈৰ্যসহকাৰে ইনিংছ আগঢ়াই নিয়ে।

দুয়ো প্ৰথম উইকেটত ৪৯ ৰাণ যোগ দিয়াৰ পিছত ডিভাইনে ৩২ ৰাণৰ ব্যক্তিগত স্ক’ৰত বিদায় লয়। ইয়াৰ পিছত মান্ধানা আৰু এলিছা পেৰীয়ে দলীয় স্ক’ৰ ৮২ ৰাণলৈ আগঢ়াই নিয়ে। মান্ধানাৰ বেটৰ পৰা আহে ৩১ ৰাণ। ইয়াৰ পিছত অৱশ্যে পেৰী আৰু ৰিছা ঘোষে কোনো হানি ঘটিবলৈ নিদিলে।

পেৰী-ঘোষৰ যুটীয়ে ধীৰে-সুস্থিৰে দিল্লীৰ বলিং আক্ৰমণক প্ৰতিহত কৰি ১৯.৩ অভাৰত দলক জয়ৰ লক্ষ্যত উপনীত কৰায় আৰু দলক তুলি দিয়ে আকাংক্ষিত খিতাপ। অৱশেষত ফ্ৰেন্সাইজিটোৰ অনুৰাগীসকলৰ “ই চালা কাপ নামডে“ শ্ল’গানে লাভ কৰে পূৰ্ণতা।

The team engulfs the unbeaten batters after a nervy chase

প্ৰতিযোগিতাখনৰ সৰ্বাধিক ৰাণ সংগ্ৰহকৰোঁতা হিচাপে অ’ৰেঞ্জ কেপ লাভ কৰে এলিছা পেৰীয়ে। সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পাৰ্পল কেপৰ অধিকাৰী হয় শ্ৰেয়াংকা পাটিল। পাটিলে লগতে প্ৰতিযোগিতাৰ ‘এমাৰ্জিং প্লেয়াৰ’ৰ সন্মানো লাভ কৰে। আনহাতে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে দীপ্তি শৰ্মাই।

ইফালে বঁটা বিতৰণী অনুষ্ঠানৰ পূৰ্বে আৰ চি বিৰ পুৰুষৰ দলটোৰ প্ৰাক্তন অধিনায়ক তথা বিৰাট তাৰকা ক্ৰিকেটাৰ কোহলীয়ে ভিডিঅ’ কলযোগে মান্ধানা বাহিনীক শুভেচ্ছা জনায়। ইনষ্টাগ্ৰাম যোগেও কোহলীয়ে এই সাফল্যক অভিনন্দন জনায়।

Watch: Virat Kohli Joins Smriti Mandhana And Co In Celebrations After WPL 2024 Victory

 

Latest and Breaking News on NDTV

ইনষ্টাগ্ৰামত আৰ চি বিৰ মহিলা দলটোৰ এখন ফটো শ্বেয়াৰ কৰি কোহলীয়ে কেপচনত লিখিছে, ‘ছুপাৰৱ’মেন‘। মহিলা দলটোৰ এই সাফল্যৰ পিছত ফ্ৰেন্সাইজিটোৰ অনুৰাগীসকলে এতিয়া পুৰুষৰ দলটোৰ পৰাও অনুৰূপ সাফল্য আশা কৰিছে।