NORTHEAST NOW (Assamese)

শিৱসাগৰস্থিত অসমৰ পুৰণি গীৰ্জা কেন্দ্ৰীয় ব্যাপ্তিষ্ট মণ্ডলীত গুডফ্ৰাইডে উদযাপন

April 19, 2019 10:48 pm · পাৰ্শ্বজ্যোতি গগৈ

সমগ্ৰ বিশ্বৰ লগতে শুকুৰবাৰে শিৱসাগৰতো গুডফ্ৰাই ডে’ পালন কৰা হয়। বিশ্বৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলো যীচু খ্ৰীষ্টৰ মৃত্যুৰ দিনটো পবিত্ৰ শুকুৰবাৰ হিচাপে তথা গুডফ্ৰাই ডে’ হিচাপে পালন কৰে।

ঐতিহাসিক শিৱসাগৰৰ বৰপুখুৰীৰ পাৰত থকা ১৭৫ বছৰীয়া পুৰণি গীৰ্জা কেন্দ্ৰীয় ব্যাপ্তিষ্ট মণ্ডলীত আজি উলহ মালহেৰে  গুড ফ্ৰাই ডে পালন কৰে। এই উপলক্ষে গীৰ্জাত  এক বিশেষ প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়। এই প্ৰাৰ্থনা সভাত গুড ফ্ৰাইডে উপলক্ষে বিশেষ বাৰ্তা প্ৰদান কৰে পালক মতি কলিতাই।

ৰিপন এন্দুৱে পৰিচালনা কৰা প্ৰাৰ্থনা সভাত শিৱসাগৰৰ লগতে বিভিন্ন প্ৰান্তৰ প্ৰায় তিনি শতাধিক লোকে অংশ গ্ৰহণ কৰে। গুড ফ্ৰাইডে উপলক্ষে শিৱসাগৰ চহৰৰ খ্ৰীষ্টান কবৰস্থানত সমুহীয়া বন্তি প্ৰজ্বলন কৰা হয়।

উল্লেখযোগ্য যে প্ৰায় দুহেজাৰ বছৰৰ পূৰ্বে মানৱ জাতিক পাপৰ পৰা উদ্ধাৰ কৰাৰ অৰ্থে প্ৰচেষ্টা চলোৱা যীচু খ্ৰীষ্টই আজিৰ দিনটোতেই মানুহৰ হাততেই ক্ৰুচবিদ্ধ হৈ মৃত্যুবৰণ কৰিছিল।

Related News