NORTHEAST NOW (Assamese)

যোৱা দুটা বছৰত শেখৰ আৰু সিদ্ধাৰ্থৰ লগত মতানৈকত বৃদ্ধি পাইছিল জুবিন গাৰ্গৰ : গৰিমাৰ অজ্ঞাতে জুবিনৰ লগত বিবাদত লিপ্ত হৈছিল দুয়ো

October 11, 2025 1:17 pm · এন ই নাও নিউজ, গুৱাহাটী

জুবিন গাৰ্গৰ সৈতে মতানৈক্য থকা বুলি এছ আই টিৰ জেৰাত স্বীকাৰ কৰিছে সিদ্ধাৰ্থ শৰ্মাই।

সিদ্ধাৰ্থ শৰ্মাই স্বীকাৰ কৰিছে যে জুবিন গাৰ্গৰ অনিচ্ছা স্বতেও এটা দিনতে কেইবাটাও অনুষ্ঠানত কৰিবলৈ লৈ গৈছিল সিদ্ধাৰ্থ শৰ্মাই।

বিগত দুবছৰত সিদ্ধাৰ্থ শৰ্মা আৰু জুবিন গাৰ্গৰ মাজত মতানৈক্য ক্ৰমান্বয়ে বৃদ্ধি পাইছিল। জুবিন গাৰ্গৰ খাৰঘূলিৰ ঘৰ নিৰ্মাণৰ কামত সিদ্ধাৰ্থই খেলিমেলি কৰিছিল।

চিআইডিৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি পত্নী গৰিমা শইকীয়া গাৰ্গৰ অজ্ঞাতে সিদ্ধাৰ্থই জুবিন গাৰ্গৰ সৈতে বাৰে বাৰে তৰ্ক কৰিছিল। সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক ধন ঘটাৰ আহিলা হিচাপে ব্যৱহাৰ কৰিছিল আৰু নিজৰ নিয়ন্ত্ৰণত ৰাখিছিল।

‘ৰৈ ৰৈ বিনালে ছবিখনত অভিনয় কৰা অভিনেত্ৰী মৌচুমী আলীয়ে জনোৱা মতে ছবিৰ কাম চলি থকাৰ সময়ত সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ লগত বিবাদত লিপ্ত হৈছিল।

এই ক্ষেত্ৰত সিদ্ধাৰ্থ শৰ্মাক পূৰ্ণ সহযোগিতা কৰিছিল শেখৰজ্যোতি গোস্বামীয়ে।

সিদ্ধাৰ্থ আৰু শেখৰ দুয়োজনেই জুবিন গাৰ্গৰ ঘনিষ্ঠ সকলক আঁতৰাই নিয়াৰ চেষ্টা কৰিছিল।

Related News