NORTHEAST NOW (Assamese)

পৰিচালকৰ নিৰ্দেশ অবিহনেই কিয়াৰাক চুম্বন বৰুণৰ! খঙত জ্বলি উঠিল সিদ্ধাৰ্থ মালহোত্ৰা

January 8, 2023 2:51 pm · এন ই নাও নিউজ, গুৱাহাটী

বলীউদত এতিয়া শুনা গৈছে তেওঁলোকৰ প্ৰেমৰ গুঞ্জন। সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানী অহা মাহত বিবাহপাশত আৱদ্ধ হ’বলৈ আগবাঢ়িছে। তেওঁলোকৰ বিবাহ অনুষ্ঠান কেনেকুৱা হ’ব সেই বিষয়েও চৰ্চা চলি আছে। এনে সময়তে আন এটা কাহিনী পোহৰলৈ আহিছে।

বাতৰি অনুসৰি, কিয়াৰাৰ প্ৰতি সিদ্ধাৰ্থৰ অসন্তুষ্টিৰ কথা শুনা গৈছে। ইয়াৰ আঁৰত আছে অভিনেতা বৰুণ ধাৱান। বৰুণে হেনো অভিনেত্ৰীগৰাকীক চুমা খাইছিল। তাতেই ক্ষুব্ধ হৈ পৰিছে সিদ্ধাৰ্থ। এই ঘটনাটোক লৈ দুয়োৰে মাজত কাজিয়াও হৈছে।

প্ৰকৃততে কি ঘটিছিল? দৰাচলতে, বৰুণে এখন আলোচনীৰ শ্বুটিং কৰাৰ সময়ত এনে কাণ্ড কৰিছিল। দৃশ্যগ্ৰহণৰ পৰিচালনাৰ দায়িত্বত থকা সকলৰ কোনেও এনেকুৱা একো কৰিবলৈ কোৱা নাছিল। কিন্তু ঘনিষ্ঠভাৱে দৃশ্যগ্ৰহণৰ সময়ত বৰুণে হঠাতে কিয়াৰা আদৱানীৰ গালত চুমা খাইছিল। অভিনেত্ৰীগৰাকীও আচৰিত হৈছিল। তেওঁক যথেষ্ট অস্বস্তিকৰ দেখা গৈছিল। অৱশেষত তেওঁ হাঁহি মাৰিয়েই ঘটনাটোক অৱজ্ঞা কৰা দেখা গৈছিল।

কিন্তু সিদ্ধাৰ্থ মালহোত্ৰাই তেওঁৰ প্ৰেমিকাৰ সৈতে বৰুণৰ ঘনিষ্ঠতা মানি ল’ব পৰা নাই। এটা মনোৰঞ্জনমূলক ৱেবছাইটত দাবী কৰা হৈছে যে সিদ্ধাৰ্থই এই ঘটনাটোত যথেষ্ট অসন্তুষ্ট আছিল। তেওঁলোকৰ মাজত কাজিয়াও হৈছিল।

অৱশ্যে এয়া স্পষ্ট যে এই ঘটনাই তেওঁলোকৰ সম্পৰ্কত বিশেষ প্ৰভাৱ পেলাব পৰা নাই। এতিয়া তেওঁলোকে জীৱনৰ এটা নতুন ইনিংছ আৰম্ভ কৰিবলৈ গৈ আছে।

প্ৰথমতে শুনা গৈছিল যে সিদ্ধাৰ্থ-কিয়াৰাৰ বিয়া চণ্ডীগড়ৰ ‘দ্য অবেৰয় সুখবিলাস স্পা এণ্ড ৰিজৰ্টছ’ত অনুষ্ঠিত হ’ব। কিন্তু এতিয়া জানিব পৰা গৈছে যে সিদ্ধাৰ্থ আৰু কিয়াৰাই ৰাজস্থানৰ এটা প্ৰাসাদত বিবাহ পাশত আৱদ্ধ হ’ব য’ত ভিকি কৌশল আৰু কেটৰিনা কাইফৰ বিয়া হৈছিল।

Related News