NORTHEAST NOW (Assamese)

ফেডাৰেশ্যন কাপ চেম্পিয়নশ্বিপৰ বাবে সাজু ছিকিমৰ ২০জনীয়া শক্তি উত্তোলনৰ দল

March 22, 2019 11:16 am · সাগৰ ছেত্ৰী
ফটো : নৰ্থ-ইষ্ট নাও

অহা ২৮-৩১ মাৰ্চলৈ পাঞ্জাৱৰ ফাগৱাৰাস্থিত লাভলি প্ৰফেশ্যনেল য়ুনিভাৰ্চিটিত অনুষ্ঠিত হ’ব লগীয়া ফেডাৰেশ্যন কাপ নেশ্যনেল ষ্ট্ৰেংথ লিফটিং চেম্পিয়নশ্বিপত অংশ ল’বলৈ সাজু হৈছে ছিকিমৰ ২০ জনীয়া দল।

১৬ জন পুৰুষ আৰু ৪ গৰাকী মহিলাৰে সমৃদ্ধ ছিকিমৰ দলটোৱে প্ৰতিযোগিতাখনৰ ছাব জুনিয়ৰ, জুনিয়ৰ, ছিনিয়ৰ আৰু মাষ্টাৰ শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। দলটোৰ সৈতে প্ৰশিক্ষক হিচাবে আন্তঃৰাষ্ট্ৰীয় ষ্ট্ৰেংথ লিফ্টাৰ পেমা দৰ্জি ভুটীয়া আৰু টিম মেনেজাৰ হিচাপে যাব এডি ছেৰিং ভুটীয়া।

জানিব পৰা প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ বাবে ছিকিমৰ ৰাজ্যিক দলটো অহা ২৫ মাৰ্চত পাঞ্জাৱলৈ ৰাওনা হ’ব। সেই উদ্দেশ্যে বৃহস্পতিবাৰে আবেলি গেংটকস্থিত হোৱাইট হল কমপ্লেক্সত খেলুৱৈসকলক শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে ছিকিম ষ্ট্ৰেংথ লিফ্টিং এছ’চিয়েশ্যনে এক অনুষ্ঠানৰ আয়োজন কৰে।

শুভেচ্ছা মূলক অনুষ্ঠানটোত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে খেলুৱৈসকলক শুভেচ্ছা জনোৱাৰ লগতে প্ৰতিযোগিতাখনত পদক অৰ্জন কৰি ৰাজ্যৰ বাবে গৌৰৱ কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে।

ইফালে ছিকিম দলটোৰ মুখ্য প্ৰশিক্ষক পেমা দৰ্জি ভুটীয়াই এছ’চিয়েশ্যনক ধন্যবাদ জনায় কয়, ‘প্ৰতিযোগিতাখনত উজ্জ্বীৱিত প্ৰদৰ্শন আগবঢ়াই ৰাজ্যলৈ গৌৰৱ তথা পদক সহিতে ঘূৰি আহিব পাৰিম বুলি আমি বিশ্বাসী’।

Related News