NORTHEAST NOW (Assamese)

দায়িত্বত গাফিলতি : তথ্য আৰু জনসংযোগ বিভাগৰ উপ সঞ্চালক ইন্দ্ৰাণী গোস্বামীক নিলম্বন

June 15, 2020 8:26 pm · এন ই নাও নিউজ
Updated: June 15, 2020 8:27 pm
ইন্দ্ৰাণী গোস্বামী। ফটো উৎস : ফেইচবুক

কর্তব্যত গাফিলতি কৰাৰ অভিযোগত অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ বৰাক উপত্যকাৰ দায়িত্বত থকা উপ সঞ্চালক ইন্দ্ৰাণী গোস্বামীক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে।

তথ্য আৰু জনসংযোগ বিভাগৰ আয়ুক্ত সচিৱ প্ৰীতম শইকীয়াই সোমবাৰে এক জাননীযোগে এই কথা সদৰি কৰিছে।

যোৱা ৪ জুনত শিলচৰৰ কাচাৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত মুখ্য মন্ত্ৰীৰ এক গুৰুত্বপূৰ্ণ কাৰ্য্যসূচীৰ সময়ত আগতীয়া অনুমতি অবিহনে কৰ্তব্যত উপস্থিত নথকাৰ বাবেই উপ সঞ্চালক গৰাকীৰ বিৰুদ্ধে এই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।

জাননীখনত উল্লেখ কৰা অনুসৰি মুখ্য মন্ত্ৰীৰ এই অনুষ্ঠানত যথেষ্ট খেলিমেলি তথা পৰিচালনাৰ ক্ষেত্ৰত আসোঁৱাহ দেখা দিছিল।

উক্ত কাৰ্যসূচীত সৃষ্টি হোৱা খেলিমেলিৰ বাবে বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকে অনুষ্ঠান বৰ্জন তথা প্ৰতিবাদো কৰিবলীয়া হৈছিল। যাৰ ফলত তাত এক অস্বস্তিকৰ পৰিবেশৰ সৃষ্টি হৈছিল।

উল্লেখ্য যে, শেহতীয়াভাৱে কাচাৰ জিলাত হোৱা ভূমিস্খলনৰ ঘটনাস্থলী পৰিদৰ্শন কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জিলাখনৰ উপায়ুক্তৰ কাৰ্যালয়ত এক গুৰুত্বপূৰ্ণ কাৰ্যসূচীত ভাগ লৈছিল।

Related News