NORTHEAST NOW (Assamese)

শিলচৰত ২০ কোটি টকীয়া বৃহৎ বিনিয়োগ প্ৰৱঞ্চনা : গ্ৰেপ্তাৰ বি-টেক ডিগ্ৰীধাৰী যুৱক

April 30, 2026 7:52 pm · এন ই নাও নিউজ. গুৱাহাটী
Updated: May 21, 2026 10:38 am

শিলচৰত শ্বেয়াৰ বজাৰত বিনিয়োগ কৰি অধিক মুনাফা লাভৰ প্ৰলোভনেৰে কোটি কোটি টকা লুটি নিয়াৰ এক ভয়ংকৰ জালিয়াতিৰ ঘটনা পোহৰলৈ আহিছে। এই সন্দৰ্ভত কাছাৰ জিলাৰ শ্ৰীকোনা প্ৰথম খণ্ডৰ নিবাসী ৩৮ বছৰীয়া জয়দীপ দত্ত নামৰ এজন বি-টেক ডিগ্ৰীধাৰী যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। কম্পিউটাৰ চাইন্সৰ স্নাতক জয়দীপৰ বিৰুদ্ধে প্ৰায় ১৫ ৰ পৰা ২০ কোটি টকাৰ বিত্তীয় কেলেংকাৰীত লিপ্ত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

জানিব পৰা মতে কেইবছৰমান পূৰ্বে জয়দীপে শ্ৰীকোনাত আইকনিক ফাইনেঞ্চ চলিউচন নামৰ এটা ব্যক্তিগত বিত্তীয় প্ৰতিষ্ঠান আৰম্ভ কৰিছিল। তেওঁ লোকসকলক এই বুলি বিশ্বাস জন্মাইছিল যে তেওঁ গ্ৰাহকৰ ধন শ্বেয়াৰ বজাৰত খটুৱাব আৰু ইয়াৰ বিনিময়ত প্ৰতি মাহে ১৫ শতাংশ পৰ্যন্ত সুত বা লাভাংশ প্ৰদান কৰিব। আৰম্ভণিতে কেইজনমান বিনিয়োগকাৰীয়ে নিয়মীয়াকৈ ধন লাভ কৰিবলৈ সক্ষম হৈছিল যাৰ ফলত মানুহৰ মাজত বিশ্বাস বাঢ়িছিল আৰু বহু লোকে নিজৰ কষ্টোপাৰ্জিত ধন তেওঁৰ হাতত জমা দিছিল।

কাছাৰ আৰু ইয়াৰ ওচৰ-পাজৰৰ অঞ্চলৰ বহু লোকে এই আঁচনিত বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰাৰ পিছতে অভিযুক্ত জয়দীপে পৰিয়ালসহ হঠাতে আত্মগোপন কৰে। প্ৰায় ডেৰ বছৰ ধৰি পলাতক হৈ থকাৰ পিছত বুধবাৰে কাটখাল ৰেল ষ্টেচনত কেইগৰাকীমান ভুক্তভোগীয়ে তেওঁক দেখা পাই আটক কৰে আৰু পাছত আৰক্ষীক গতাই দিয়ে। বৰ্তমানলৈকে শিলচৰৰ তাৰাপুৰ আৰক্ষী চকীত জয়দীপৰ বিৰুদ্ধে ২৯ গৰাকী লোকে এজাহাৰ দাখিল কৰিছে।

অতিরিক্ত আৰক্ষী অধীক্ষক ৰজত পালে এই সন্দৰ্ভত জানিবলৈ দি কয় যে এই বৃহৎ কেলেংকাৰীৰ সৈতে আৰু বহু লোক জড়িত থকাৰ সম্ভাৱনা আছে। আৰক্ষীয়ে বৰ্তমান সমগ্ৰ বিষয়টোৰ তদন্ত চলাই আছে আৰু অধিক তথ্য লাভৰ বাবে আদালতৰ পৰা অভিযুক্ত জয়দীপক তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মাত লৈছে। এনে ধৰণৰ ভুৱা বিনিয়োগ আঁচনিৰ পৰা ৰাইজক সতৰ্ক হৈ থাকিবলৈও প্ৰশাসনে আহ্বান জনাইছে।

Related News