NORTHEAST NOW (Assamese)

পুঁজিবাদৰ বিকাশত বায়ু প্ৰদূষণে লৈছে ভয়ংকৰ ৰূপ : ১৯৮০ চনৰ পৰা বায়ু প্ৰদূষণৰ বাবে ভাৰতত মৃত্যু হৈছে ২.৬১ কোটি লোকৰ

June 15, 2024 12:33 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

পুঁজিবাদ তথা নব্য উদাৰতাবাদী বজাৰ অৰ্থনীতিৰ বিকাশৰ লগে লগে অবাধ হাৰত নিৰ্মাণ হোৱা উদ্যোগ, কল-কাৰখানা, প্ৰ্কৃতি ধ্বংসৰ ফলত শেহতীয়া দশককেইটাত প্ৰদূষণে লৈছে ভয়ংকৰ ৰূপ।

বায়ু প্ৰদূষণে ইমানেই ভয়ংকৰ ৰূপ লৈছে যে যোৱা চাৰিটা দশকত বায়ু প্ৰদূষণৰ বাবে বিশ্বত কোটি কোটি লোকে প্ৰাণ হেৰুৱাব লগা হৈছে।

শেহতীয়াকৈ ছিংগাপুৰৰ নানয়াং প্রযুক্তি বিশ্ববিদ্যালয়ৰ একাংশ গৱেষকে কৰা গৱেষণাত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য।

১৯৮০-২০২০ চনলৈ বিশ্বজুৰি বায়ু প্ৰদূষণৰ বাবে বিশ্বজুৰি অকালতে প্রাণ হেৰুৱাবলগীয়া হৈছে ১৩.৫ কোটি লোকে।

এই সময়ছোৱাত ভাৰতত প্ৰাণ ২.৬১ কোটি লোকে প্ৰাণ হেৰুৱাইছে।

আনহাতে চুবুৰীয়া ৰাষ্ট্ৰ চীনত ৪.৯ কোটি লোকে বায়ু প্ৰদূষণৰ বাবে মৃত্যুক সাবটি  লৈছে এই সময়ছোৱাত।

Related News