NORTHEAST NOW (Assamese)
Popular Stories

পুনৰ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ আসনত বহিব নোৱাৰিব উদ্ধৱ থাকৰে – উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 11, 2023 2:00 pm

পদত্যাগ কৰাৰ বাবে পুনৰ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ আসনত অধিস্থিত হ’ব নোৱাৰিব উদ্ধৱ থাকৰে। বৃহস্পতিবাৰে এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰি মহাৰাষ্ট্ৰত মুখ্যমন্ত্ৰী একনাথ শিণ্ডেক চাকৰি আৰু চৰকাৰ চলাবলৈ অনুমতি দিলে উচ্চতম ন্যায়ালয়ে।

২০২২ চনৰ জুন মাহত থাকৰেৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ বাবে শিণ্ডে আৰু আন ১৫জন বিধায়কক অযোগ্য ঘোষণা কৰিব নোৱাৰিব বুলি উচ্চতম ন্যায়ালয়ে উল্লেখ কৰে আৰু উদ্ধৱ থাকৰেই পুনৰ চৰকাৰ ঘূৰাই ল’ব নোৱাৰিব বুলি ৰায় দান কৰে।

কিন্তু আদালতে তেতিয়াৰ মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোশ্যাৰীক নিন্দা কৰি কয় যে থাকৰেই গৰিষ্ঠসংখ্যক বিধায়কৰ সমৰ্থন হেৰুৱাইছে বুলি তেওঁ ভুল সিদ্ধান্ত লৈছিল।

বিজেপিৰ সমর্থনত শিণ্ডেই শিৱসেনা বিভাজন কৰি অধিকাংশ বিধায়কক নেতৃত্ব দি নতুন চৰকাৰ গঠন কৰাৰ পাছত উদ্ধৱ থাকৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল৷

যদি শিণ্ডেক অযোগ্য ঘোষণা কৰা হ’লহেঁতেন তেন্তে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব লগা হ’লহেঁতেন আৰু তেওঁৰ চৰকাৰ ভংগ হ’লহেঁতেন।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়ত ৮ খন আবেদন ক্লাষ্টাৰ কৰে।

জ্যেষ্ঠ অধিবক্তা কপিল ছিবাল আৰু অভিষেক মনু সিংভীয়ে আদালতত থাকৰেৰ দলৰ হৈ যুক্তি আগবঢ়োৱাৰ বিপৰীতে হৰিশ ছালভে, নীৰজ কৌল, আৰু মহেশ জেঠমালানীয়ে শিণ্ডেৰ শিবিৰক প্ৰতিনিধিত্ব কৰে।

মন কৰিবলগীয়া যে মহাৰাষ্ট্ৰৰ ৰাজনীতিত এই ৰায়দানৰ যথেষ্ট প্ৰভাৱ পৰিছে। শাসকীয় শিৱসেনা-বিজেপি মিত্ৰজোঁটে ২৮৮ জনীয়া বিধানসভাত ১৮৪টাতকৈও অধিক ভোট লাভ কৰাৰ লগতে প্ৰয়োজন হ’লে সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰাৰ ক্ষমতা দাবী উত্থাপন কৰিছে বুলি মহাৰাষ্ট্ৰৰ বিজেপিৰ মুৰব্বী চন্দ্ৰশেখৰ বাৱানকুলে প্ৰকাশ কৰিছে।