NORTHEAST NOW (Assamese)

এক কিলোগ্ৰাম ভাঙৰ বাবে ছিংগাপুৰত মৃত্যুদণ্ডৰ সন্মুখীন ভাৰতীয় মূলৰ টাংগাৰাজু চুপ্পাইয়া; বুধবাৰে হ’ব কাৰ্যকৰী!

April 25, 2023 7:43 pm · এন ই নাও নিউজ, গুৱাহাটী
টাংগাৰাজু চুপ্পাইয়া। ফটো: সংগ্ৰহীত।

দেওবাৰে ছিংগাপুৰৰ মৃত্যুদণ্ডপ্ৰাপ্ত এজন ভাৰতীয় মূলৰ লোকৰ পৰিয়ালে কৰ্তৃপক্ষৰ পৰা ক্ষমা বিচাৰি ৰায়টোৰ পুনৰ বিচাৰৰ আহ্বান জনায়। বুধবাৰে তেওঁৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰাৰ কথা।

২০১৮ চনত ড্ৰাগছ সৰবৰাহৰ ষড়যন্ত্ৰৰ অপৰাধত ৪৬ বছৰীয়া টাংগাৰাজু চুপ্পাইয়াক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছিল আৰু বুধবাৰে হ’বলগীয়া শাস্তি  আদালতে বাহাল ৰাখিছে।

টাংগাৰাজুৰ ভগ্নী লীলাৱতী চুপ্পাইয়াই সংবাদমেলত তামিল ভাষাত সাংবাদিকৰ আগত কয়, “আমি নাভাবো যে মোৰ ভাইটিৰ ন্যায়সংগত বিচাৰ হৈছে… মই নিশ্চিত যে ৰাষ্ট্ৰপতিয়ে আমাৰ সকলো আবেদন পঢ়ি চাব।”

লগতে পঢ়ক: আকৌ ট্ৰাম্প বনাম বাইডেন! ২০২৪ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ আনুষ্ঠানিক ঘোষণা বাইডেনৰ

কান্দোনত ভাঙি পৰি তেওঁ কয়, “যৌৱন কালৰ পৰাই তেওঁ সকলোৰে প্ৰতি দয়ালু আৰু সকলোৰে প্ৰিয়, আৰু কেতিয়াও কোনো বেয়া কাম কৰা নাই… তেওঁ পৰিয়ালটোক সহায় কৰিবলৈ সকলো ত্যাগ কৰিছে।‘’

২০১৭ চনত টাংগাৰাজুক ১,০১৭.৯ গ্ৰাম ভাঙৰ “সৰবৰাহৰ ষড়যন্ত্ৰত লিপ্ত হ’বলৈ উচটনি দিয়াৰ” গোচৰত দোষী সাব্যস্ত কৰা হৈছিল, যিটো দেশখনৰ কঠোৰ ড্ৰাগছ আইন অনুসৰি মৃত্যুদণ্ডৰ নূন্যতম শাস্তিৰ পৰিমাণৰ দুগুণ।

অধিকাৰ কৰ্মী আৰু পৰিয়ালৰ লোকে কয় যে এই গোচৰত বহু সুৰুঙা আছিল আৰু টাংগাৰাজুৱে কেতিয়াও ড্ৰাগছ ব্যৱহাৰ কৰা নাছিল। তেওঁলোকে লগতে দাবী কৰে যে আৰক্ষীয়ে তেওঁক আইনী পৰামৰ্শ অবিহনে জেৰা কৰিছিল, আৰু তেওঁৰ প্ৰথম আৰক্ষীৰ বক্তব্য ৰেকৰ্ডিঙৰ সময়ত তেওঁৰ তামিল দোভাষীক নাকচ কৰা হৈছিল।

লগতে পঢ়ক: আই পি এলত দুৰ্দান্ত প্ৰদৰ্শন! ১৫ মাহৰ পিছত ৰাষ্ট্ৰীয় দললৈ প্ৰত্যাৱৰ্তন অজিংকা ৰাহানেৰ; আৰু কোন সোমাল দলত?

টাংগাৰাজুৰ ২৬ বছৰীয়া ভতিজী সুভাষিনী ইলাংগোৱে তেওঁৰ খুড়াক সাহসী আৰু বুধবাৰৰ বাবে তেওঁ “প্ৰস্তুত” যদিও তেওঁৰ মৃত্যু অন্যায় হ’ব বুলি কয়। “কিন্তু তেওঁৰ বিশ্বাস আছে যে ঈশ্বৰে তেওঁক সহায় কৰিব।”

সংবাদমেলত পৰিয়ালৰ সদস্য, আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱীয়ে আবেদনখনত স্বাক্ষৰ কৰে আৰু কৰ্মীসকলে আৱেদনসমূহ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰে।

টাংগাৰাজু  চুপ্পাইয়াৰ পক্ষত অধিকাৰ কৰ্মীসকলে মাত মাতিছে। চুবুৰীয়া দেশ থাইলেণ্ডকে ধৰি বিশ্বৰ বহু ঠাইত ভাঙক অপৰাধমুক্ত কৰা হৈছে আৰু অধিকাৰ সংগঠনসমূহে ছিংগাপুৰৰ ওপৰত মৃত্যুদণ্ড বিলুপ্ত কৰাৰ বাবে হেঁচা বৃদ্ধি কৰিছে।

লগতে পঢ়ক: মোডীৰ সৈতেও আছিল ফটো; ছিডনীত ৫ গৰাকী মহিলাৰ ধৰ্ষণত দোষী সাব্যস্ত প্ৰাক্তন বিজেপি নেতা

এছিয়াৰ বিত্তীয় কেন্দ্ৰ দেশখনত বিশ্বৰ কিছুমান কঠোৰ নিচাযুক্ত দ্ৰব্য বিৰোধী আইন আছে আৰু কোৱা হৈছে যে মৃত্যুদণ্ড সৰবৰাহৰ বিৰুদ্ধে এক ফলপ্ৰসূ প্ৰতিৰোধক হৈ আছে।

ইপিনে, ছিংগাপুৰৰ চেন্ট্ৰেল নাৰ্কটিকছ ব্যুৰোৱে কয় যে টাংগাৰাজুৱে “গোটেই প্ৰক্ৰিয়াটোত আইনী পৰামৰ্শৰ সুবিধা লাভ কৰিছিল” আৰু ন্যায়াধীশে তেওঁৰ স্বীকাৰোক্তিক “ধূৰ্ততাপূৰ্ণ” বুলি বিবেচনা কৰিছিল, আৰু কোনো বক্তব্যৰ বাবে তেওঁ দোভাষীৰ বাবে কোনো অনুৰোধ কৰা নাছিল।

দুবছৰতকৈ অধিক সময়ৰ ব্যৱধানৰ পিছত ২০২২ চনৰ মাৰ্চ মাহত ছিংগাপুৰত ফাঁচীৰ ব্যৱস্থা পুনৰ আৰম্ভ হয়। যোৱা বছৰ এঘাৰজন লোকক মৃত্যুদণ্ড দিয়া হৈছিল। এই সকলোবোৰ ড্ৰাগছৰ অপৰাধৰ বাবে আছিল।

লগতে পঢ়ক: অত্যন্ত ‘;চিৰিয়াছ’ বিষয়; মল্লযুঁজাৰুসকলৰ FIR ল’বলৈ দিল্লী আৰক্ষীক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

ফাঁচী দিয়াসকলৰ ভিতৰত নাগেথ্ৰন কে. ধৰ্মলিংগম নামৰ ব্যক্তিগৰাকীও আছিল যাৰ ফাঁচীৰ ফলত ৰাষ্ট্ৰসংঘ আৰু ব্ৰিটিছ ধনকুবেৰ ৰিচাৰ্ড ব্ৰেনছনকে ধৰি বিশ্বজুৰি ক্ষোভৰ সৃষ্টি হৈছিল। কিয়নো তেওঁক মানসিকভাৱে অক্ষম বুলি গণ্য কৰা হৈছিল।

Related News