NORTHEAST NOW (Assamese)

কন্ঠশিল্পী বাণী জয়ৰামৰ শেষ নিশ্বাস ত্যাগ

February 4, 2023 4:09 pm · এন ই নাও নিউজ, নতুন দিল্লী

বলিউডকে ধৰি বিভিন্ন ভাষাত হাজাৰ হাজাৰ সংগীত পৰিৱেশন কৰি শ্ৰোতাদৰ্শকৰ মন জয় কৰা প্ৰবীণ কন্ঠশিল্পী বাণী জয়ৰামে শনিবাৰে দিনত চেন্নাইস্থিতি নিজা বাসগৃ্হত শেষ নিশ্বাস ত্যাগ কৰে ।

শেহতীয়াকৈ পদ্মভূষণেৰে সন্মানিত হৈছিল কণ্ঠশিল্পী বাণী জয়ৰাম। মৃত্যুৰ সময়ত কণ্ঠশিল্পী গৰাকীৰ বয়স আছিল ৭৮ বছৰ।

উল্লেখ্য যে ১৯৭০ চনৰ আৰম্ভণিতে কন্ঠশিল্পীগৰাকীয়ে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। পাঁচ দশকৰো অধিক সময় ধৰি গীত গাইছিল শিল্পীগৰাকীয়ে।

বাণী জয়ৰামে তামিল, তেলেগু, হিন্দী, কানাড়া, অসমীয়া, বাংলা গুজৰাটী আদি বহু ভাষাকে ধৰি বিভিন্ন ভাষাত ১০ হাজাৰৰো অধিক গীত ৰেকৰ্ডিং কৰিছিল।

১৯৭৫, ১৯৮০ আৰু ১৯৯১ চনত শ্ৰেষ্ঠ মহিলা প্লেবেক গায়িকাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে সন্মানিত কৰা হৈছিল এইগৰাকী সংগীত শিল্পীক। ইয়াৰ উপৰিও বিভিন্ন আঞ্চলিক ভাষাত গীত গোৱাৰ বাবেই কেইবাবাৰো ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰেষ্ঠ সংগীত শিল্পীৰ বঁটা লাভ কৰিছিল শিল্পীগৰাকীয়ে।

বৰ্ষীয়ান শিল্পীগৰাকীৰ মৃত্যুৱে এতিয়া সংগীত তথা সাংস্কৃতিক জগতলৈ শোকৰ ছাঁ কঢ়িয়াই আনিছে।

Related News