NORTHEAST NOW (Assamese)

চেইন চোৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত গায়িকা তৰালী শৰ্মাৰ মাতৃ; ICUত ভৰ্তি

September 14, 2019 8:48 pm · কল্পজ্যোতি শইকীয়া
Updated: September 14, 2019 9:03 pm

চেইন চোৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত হ’বলগীয়া হ’ল গায়িকা তৰালী শৰ্মাৰ মাতৃ ৰেণু শৰ্মা(৬৫)।

ঘটনা বিৱৰণী অনুসৰি শুকুৰবাৰে পুৱা ৰেণু শৰ্মা প্ৰাতঃভ্ৰমণ কৰিবৰ বাবে নিজৰ ঘৰৰ পৰা কিছুদূৰ ওলাই আহোতেই বাইকত অহা এজন যুৱকে বাইক ৰখাই তেওঁৰ ডিঙিৰ পৰা সোণৰ চেইনডাল থপিয়াই লৈ যোৱাৰ চেষ্টা কৰে।

কিন্তু চেইনডাল কাঢ়ি নিয়াত ব্যৰ্থ হোৱাত শৰ্মাক চেইন চোৰে জোৰৰে গতা মাৰি দিয়াত তেওঁ ৰাস্তাতে ঢলি পৰে। ঘটনাটো সংঘটিত হয় মহানগৰীৰ জু-ৰোডস্থিত অম্বিকানগৰ পথত।

প্ৰত্যক্ষদৰ্শীৰ মতে আক্ৰমণ কৰিয়েই বাইকত অহা যুৱকজন উধাও হয়। হেলমেট পৰিধান কৰি থকা বাবে প্ৰত্যক্ষদৰ্শীয়ে যুৱকজনৰ মুখখন স্পষ্টকৈ দেখা নাপালে।

পিছত মূৰত গুৰুতৰভাৱে আঘাত পোৱা ৰেণু শৰ্মাক স্থানীয় লোকৰ তৎপৰতাত ততাতৈয়াকৈ লৈ যোৱা হয় হেল্থ চিটী হাস্পতাললৈ। আঘাত গুৰুতৰ হোৱা বাবে তেওঁক ICUত ৰখা হৈছে বুলি জানিব পৰা গৈছে।

ইতিমধ্য ৰেণু শৰ্মাৰ পৰিয়ালে ঘটনা সন্দৰ্ভত গীতানগৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ৷

ঘটনা সন্দৰ্ভত মহানগৰ আৰক্ষী আয়ুক্তক প্ৰশ্ন কৰাত তেওঁ কয়, ‘মৰ্ণিং ৱাক সকলোৱে সুন্দৰভাৱে কৰি আছে, কেতিয়াবা দুই এটা ঘটনা হৈ আছে, তদন্ত কৰি আছো। এইটোৰো গোচৰ ৰুজু কৰি তদন্ত কৰা হ’ব।’

Related News