NORTHEAST NOW (Assamese)
অসম

পৰিৱৰ্তন! কেবৰ বিৰোধিতাত বিদ্যাসাগৰে গালে, “যাক বুলিলো জাতিৰ নায়ক, সিয়েই বদন হ’ল…”

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 6, 2019 7:37 pm
Vidya sagar

দুদিনমানৰ আগলৈকে “কেব” সন্দৰ্ভত নিজৰ স্থিতি প্ৰকাশ কৰিবলৈ অগ্ৰাহ্য কৰা গায়ক বিদ্যাসাগৰে আজি এটা নতুন গীতেৰে “কেব”ৰ বিৰোধিতা কৰা দেখা গৈছে।

“কেবৰ বিৰুদ্ধে মোৰ এই গীত” বুলি লিখি ফেইচবুকত নিজৰ টাইমলাইনত আপল’ড কৰা গীতৰ ভিডিঅ’টোত গায়কজনক নিজৰ জাতি আৰু কৃষ্টি ৰক্ষা কৰিবলৈ খিলঞ্জীয়াক আহ্বান জনোৱা দেখা গৈছে।

ভিডিঅ’টোত “আহ ওলাই আহ খিলঞ্জীয়…” শীৰ্ষক গীতটো গায়কজনে এজন গীটাৰিষ্টক কাষত লৈ ঘৰুৱা পৰিৱেশত গাই থকা দেখা যায়।

https://www.facebook.com/785281701482917/videos/454261882176288/UzpfSTEwMDAwMzUzMDAxNDE5MzoyNDMxODE2MjM2OTQ2MDIw/

গীতটোত “জাতিৰ নায়ক”ক বদন আখ্যা দি “যাক বুলিলো জাতিৰ নায়ক, সিয়েই বদন হ’ল” বুলিও একাংশ সংযোজন কৰা হৈছে আৰু শেষ হৈছে “জয় আই অসম”ৰ তিনিবাৰ পুনৰাবৃত্তিৰে।

আনহাতে ফেইচবুক য়ুজাৰসকলৰ কিছুমানে এই “পৰিৱৰ্তন”ক প্ৰশংসা কৰাৰ বিপৰীতে কিছুমানে কটাক্ষও কৰিছে।

২৯ নৱেম্বৰত শিল্পীজনে “কেব” সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কৈছিল, “জুবিন গাৰ্গে মোক আহ্বান জনাব নালাগে, মোৰ নিজৰ মগজু আছে মোৰ মগজুৰে কাম কৰিম”। এই মন্তব্যৰ পিছতে গায়কজন সমালোচনাৰ সন্মুখীন হৈছিল। ছ’চিয়েল মিডিয়াত ব্যংগ, বিদ্ৰূপৰ লক্ষ্য হৈ পৰিছিল।