NORTHEAST NOW (Assamese)

কেনে আছে ‘দৰদী’ কন্ঠশিল্পী ভিতালী দাস? জানক শেহতীয়া খবৰ

April 21, 2021 4:37 pm · কল্পজ্যোতি শইকীয়া
Updated: April 21, 2021 4:39 pm

একাংশ ৱেব পৰ্টেল আৰু টেলিভিছন চেনেলে ‘দৰদী’ কন্ঠশিল্পী ভিতালী দাসৰ মৃত্যুৰ ভুৱা বাতৰি প্ৰচাৰ কৰিছিল যদিও সেই বাতৰিৰ কোনো ভিত্তি নাই।

অৱশ্যে, দাসৰ অৱস্থা অতি সংকটজনক বুলি চিকিৎসকে জনাইছে।

যোৱা ১৭ এপ্ৰিলৰ দিনা কোভিড-১৯ ত আক্ৰান্ত হৈছিল কন্ঠশিল্পীগৰাকী। তেওঁক লগে লগে ভৰ্তি কৰোৱা হৈছিল কালাপাহাৰস্থিত কোভিড হাস্পতালত।

হাস্পতালখনৰ মেকানিকেল ভেন্টিলেটৰৰ ICU F-17 ত চিকিৎসাধীন হৈ আছে।

এই সন্দৰ্ভত জি এম চি এইচৰ অধ্যক্ষ অভিজিত শৰ্মাই কয় যে ” উৰাবাতৰি দিব নাপায়, ভিতালী দাস বৰ্তমান জীৱিত যদিও লাইফ চাপোৰ্টত জীয়াই আছে।

তেওঁৰ অৱস্থা অতি সংকটজনক। চুপাৰ স্পেচিয়েলিটী হাস্পতালৰ কোভিডৰ বিশেষ চিকিৎসকৰ দলে কণ্ঠশিল্পী গৰাকীৰ চিকিৎসা কৰি আছে।

তেওঁ সম্পূৰ্ণ সুস্থ হৈ উঠিবনে নাই কব নোৱাৰি, কিয়নো কোভিড হৈছে।

লগতে তেওঁৰ ডায়বেটিচো আছে। কিন্তু যিখিনি লাগে আমি দৰৱ দিছো।আমি আশা কৰো তেওঁ সোনকালেই সুস্থ হৈ উঠক”।

Related News