NORTHEAST NOW (Assamese)

মিত্ৰতা এতিয়া মৃত! বিৰোধীৰ ‘ইণ্ডিয়া’ ঐক্যৰ কোনো ভৱিষ্যত নাই : বিস্ফোৰক মন্তব্য পি চিদাম্বৰমৰ

May 16, 2025 5:50 pm · নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী

বিৰোধী দলসমূহে গঠন কৰা মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ কোনো ভৱিষ্যত নাই। শুকুৰবাৰে এই বিস্ফোৰক মন্তব্য কৰিছে প্ৰাক্তন বিত্তমন্ত্ৰী তথা কংগ্ৰেছ নেতা পি চিদাম্বৰমৰ। চিদাম্বৰমৰ এই মন্তব্যৰ পিছতেই এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপিয়ে।

বিজেপি নেতা গৌৰৱ ভাটিয়াই সংবাদ সংস্থা পিটিআইৰ আগত কয় যে যেতিয়া এই মিত্ৰতা গঠন হৈছিল তেতিয়া ইয়াৰ উদ্দেশ্য ভাৰতবৰ্ষক গঢ়ি তোলা বা ভাৰতৰ সেৱা কৰা নাছিল, বৰঞ্চ ক্ষমতাত উপনীত হোৱাহে বিৰোধী ঐক্যৰ উদ্দেশ্য আছিল।” লগতে, গৌৰৱ ভাটিয়াই কয়, “পিএম চিদাম্বৰমে স্পষ্টকৈ কৈছে যে মিত্ৰতা মৃত।”

বৃহস্পতিবাৰে ছলমান খুৰশ্বিদ আৰু মৃত্যুঞ্জয় সিং যাদৱৰ ‘কণ্টেষ্টিং ডেম’ক্ৰেটিক ডেফিচিট’ নামৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত চিদাম্বৰমে কয় যে, ‘মৃত্যুঞ্জয় সিং যাদৱে কোৱাৰ দৰে বিৰোধী ঐক্য ইণ্ডিয়াৰ ভৱিষ্যত ইমান উজ্জ্বল নহয়। তেওঁলোকে অনুভৱ কৰে যে মিত্ৰতা এতিয়াও অক্ষত আছে, কিন্তু মই নিশ্চিত নহয়। ইয়াৰ উত্তৰ কেৱল ছলমান খুৰছিদেহে দিব পাৰে কাৰণ তেওঁ ‘ইণ্ডিয়া’ ঐক্যৰ আলোচনাপন্থী দলৰ অংশ আছিল।

লগতে, প্ৰাক্তন বিত্তমন্ত্ৰী গৰাকীয়ে কয় যে মিত্ৰতা যদি অক্ষত থাকে তেন্তে মই অতি সুখী হ’ম, কিন্তু দুৰ্বল যেন  অনুভৱ হৈছে।

অৱশ্যে চিদাম্বৰমে আশা প্ৰকাশ কৰিছে যে মিত্ৰতা এতিয়াও চলি থাকিব পাৰে, এতিয়াও সময় আছে।

উল্লেখ্য যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছকে ধৰি কেইবাটাও ডাঙৰ বিৰোধী দলে বিজেপি নেতৃত্বাধীন এন ডি এৰ বিৰুদ্ধে যুঁজিবলৈ ‘ইণ্ডিয়া’ মিত্ৰজোঁট গঠন কৰিছিল।

Related News