NORTHEAST NOW (Assamese)

ভাৰতীয় বিয়াত হিন্দী গীতৰ তালে তালে নৃত্য কৰিলে এইগৰাকী মহান ক্ৰিকেটাৰে

February 22, 2020 7:08 am · এন ই নাও নিউজ
ছাৰ গেৰী ছোবাৰ্ছ

বিদেশী ক্ৰিকেটাৰে ভাৰতীয় সংগীতৰ তালে তালে নৃত্য কৰাটো কোনো নতুন কথা নহয় কিন্তু ৱেষ্ট ইণ্ডিজৰ বিখ্যাত ক্ৰিকেটাৰ ছাৰ গেৰী ছোৱাৰ্ছে যেতিয়া ভাৰতীয় সংগীতৰ তালে তালে নৃত্য কৰে তেন্তে ইয়াৰ কথাই সুকীয়া হৈ পৰে।

এসময়ৰ বিশ্বত্ৰাস বেটছমেন তথা গ্ৰেটছ অব অল টাইম হিচাপে বিশ্ব ক্ৰিকেটত পৰিচিত ছাৰ গেৰী ছোবাৰ্ছক অলপতে বাৰ্বাদোজৰ এখন ভাৰতীয় বিবাহ অনুষ্ঠানত নৃত্য কৰি থকাৰ ভিডিঅ’ ছোচিয়েল মিডিয়াই সম্প্ৰতি ভাইৰেল হৈ পৰিছে।

অনিল চোপ্ৰা নামৰ এগৰাকী ব্যক্তিয়ে গেৰী ছোবাৰ্ছৰ নৃত্যৰ ভিডিঅ’ টুইটাৰত শ্বেয়াৰ কৰাৰ পাছত ইয়াক প্ৰায় ৫৩,০০০ লোক চোৱাৰ লগতে ২.৮ য়ুজাৰে লাইক কৰিছে।

ভিডিঅ’টোত ছোবাৰ্ছক ‘জিয়া হো জিয়া কুছ বোল’ শীৰ্ষক হিন্দী গীতৰ তালে তালে নৃত্যু কৰা দেখা গৈছে।

১৯৫৪ চনত ৱেষ্ট ইণ্ডিজৰ হৈ অভিষেক ঘটোৱা গেৰী ছোৱাৰ্ছে মুঠ ৯৩ খন টেষ্টত অংশ লৈ ৫৭.৮ গড়েৰে মুঠ ৮০৩২ ৰান সংগ্ৰহ কৰিছে। য’ত আছে ২৬ টা শতৰান আৰু ৩০ টা অৰ্ধশতৰান।

অপৰাজিত ৩৬৫ ৰান হৈছে ছোৱাৰ্ছৰ ব্যক্তিগত সৰ্বাধিক ৰান।

Related News