NORTHEAST NOW (Assamese)

নানৰ সৈতে ফাদাৰৰ অবৈধ যৌনাচাৰ দেখিছিল ছিষ্টাৰ অভয়াই, সেইবাবেই হত্যা!

December 24, 2020 5:04 pm · এন ই নাও নিউজ

কোৱা হয় ফাদাৰসকলে হেনো দুৰ্গত জনক বিপদৰ পৰা উদ্ধাৰ কৰে।

কিন্তু ইয়াৰ ওলোটা ছবি এখনহে দেখা গৈছিল তিৰুৱান্তপুৰমত।

চনটো আছিল ১৯৯২। সেই চনৰে মাৰ্চ মাহৰ এটা দিনত তিৰুৱ্ন্তপুৰমৰ এটা গীৰ্জাৰ ১৯ বছৰীয়া ছিষ্টাৰ অভয়াই পুৱা শুই উঠি মুখ-হাত ধুবলৈ কুঁৱাৰ কাষলৈ গৈছিল।

কিন্তু কুঁৱাৰ কাষ পাই থমকি ৰৈছিল অভয়া। সেই সময়ত তাত দুজন পাদ্ৰীয়ে এগৰাকী নানৰ সৈতে লিপ্ত হৈ আছিল মুকলি যৌনাচাৰত ।

ঘটনাটো গাপ দিয়াৰ বাবেই সেই দিনাই পাদ্ৰী দুজনে নানগৰাকীৰ সৈতে মিলি ছিষ্টাৰ অভয়াক চোকা অস্ত্ৰেৰে হত্যা কৰিছিল আৰু মৃতদেহটো কুঁৱাত পেলাই দিছিল।

অভয়াৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে চৌদিশে ঘটনাটোকলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। প্ৰথমাৱস্থাত অভয়াই আত্মহত্যা কৰা বুলি গীৰ্জা কৰ্তৃপক্ষই প্ৰচাৰ চলাইছিল।

আনকি তদন্তকাৰী সংস্থা চিবিআইয়েও অভয়াই আত্মহত্যা কৰা বুলিয়েই ভাবিছিল।

পিছত অধিক তদন্তৰ অন্তত অভয়াক হত্যা কৰাৰ বিষয়ত নিশ্চিত হৈছিল তদন্তকাৰী সংস্থায়ো। ইয়াৰ পিছতে এই হত্যাকাণ্ড দুজন পাদ্ৰী আৰু এগৰাকী নানে কৰাৰ কথা প্ৰমাণ হৈছিল।

১৯৯২ চনতে সংঘটিত এই ঘটনাটোৰ ৰায়দান সুদীৰ্ঘ ২৮ বছৰৰ অন্তত আজি দিয়া হয়।

বিশেষ আদালতে ছিষ্টাৰ অভয়াক হত্যা কৰাৰ বাবে বৰ্তমান ফাদাৰলৈ উন্নীত হোৱা টমাছ কোট্টুৰ আৰু ছিষ্টাৰ ছেফিক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে পাঁচ লাখকৈ টকাৰ জৰিমনা বিহে।

চিবিআইৰ বিশেষ আদালতৰ ৰায় শুনাৰ পিছতে ভাগি পৰে ফাদাৰ কোট্টুৰ আৰু ছিষ্টাৰ ছেফি।

তেওঁলোকে কেঞ্চাৰত আক্ৰান্ত বুলি কৈ শাস্তি লাঘৱ কৰাৰ বাবে আদালতত আবেদন কৰে যদিও আদালতে ক্ষমাৰ অযোগ্য কাম কৰা লোকৰ শাস্তি লাঘৱ কৰিব পৰা নাযাব বুলি জনাই দিয়ে।

Related News