NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত ৪৮ ঘন্টীয়া অ’ এন জি চি বন্ধ; ২৫গৰাকী বন্ধ সমৰ্থকক আটক

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ September 19, 2019 1:37 pm

বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, মেছ কছাৰী জাতীয় পৰিষদ আৰু আহোম জাতীয় গণ মঞ্চই আজি ৪৮ ঘণ্টীয়া অ’ এন জি চিৰ বন্ধ আহ্বান জনাইছিল।

সংগঠনকেইটাই অ’ এন জি চিৰ থলুৱা বিৰোধী স্থিতিৰ বিৰোধিতা, ARC ( Annual Rate Contract) পদ্ধতিত শিৱসাগৰৰ থলুৱা শিক্ষিত নিবনুৱাই ১০০ শতাংশ অগ্ৰাধিকাৰ পোৱা আৰু অ’ এন জি চিত চলি থকা চিণ্ডিকেট বন্ধ কৰাৰ দাবী তোলে।

ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাত চলা চিণ্ডিকেট বন্ধ কৰি ARC প্ৰক্ৰিয়াত শিৱসাগৰৰ যুৱকে স্থান নাপালে ভৱিষ্যতে আন্দোলন অধিক তীব্ৰতৰ কৰা হ’ব বুলি সংগঠনকেইটা হুংকাৰ দিয়ে।

আজি পুৱা অ’ এন জি চিৰ শিৱসাগৰস্থিত  কেন্দ্ৰীয় কাৰখানা, পৰিবহন বিভাগৰ সন্মুখত টায়াৰ জ্বলাই বন্ধৰ সমৰ্থকসকলে প্ৰতিবাদ সাব্যস্ত কৰে।

পিছত আৰক্ষী-চি আৰ পি এফৰ লোক আহি ২৫ জন বন্ধ সমৰ্থকক আটক কৰাত বন্ধৰ সামৰণি পৰে আৰু অ’ এন জি চিৰ কামকাজ পুনৰ আৰম্ভ হয়।

উল্লেখযোগ্য যে, পৰম্পৰাগত নিবিদা আহ্বানৰ জৰিয়তে প্ৰদান কৰা ঠিকাৰ প্ৰক্ৰিয়া শেহতীয়াভাবে অ’ এন জি চিয়ে বন্ধ কৰি ARC প্ৰক্ৰিয়া আৰম্ভ কৰিছিল।

ARC প্ৰক্ৰিয়াত ১০০ শতাংশ শিৱসাগৰৰ স্থানীয় যুৱকে অগ্ৰাধিকাৰ পাব লাগিব বুলি শিৱসাগৰৰ দল সংগঠনে প্ৰতিষ্ঠানটোক দাবী জনোৱাৰ পাছতো অ’ এন জি চি কৰ্তৃপক্ষই নিশ্চয়তা প্ৰদান নকৰাত আজি পুৱা ৫ বজাৰ পৰা ৪৮ ঘন্টীয়া অ’ এন জি চি বন্ধৰ ঘোষণা কৰিছিল।