NORTHEAST NOW (Assamese)
ত্ৰিপুৰা

ত্ৰিপুৰাত উন্মত্ত লোকৰ প্ৰহাৰত মোবাইল চুৰিত অভিযুক্ত যুৱকৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 19, 2019 12:03 pm
ত্ৰিপুৰাত উন্মত্ত লোকৰ প্ৰহাৰত মোবাইল চুৰিত অভিযুক্ত যুৱকৰ মৃত্যু

ত্ৰিপুৰাত একাংশ উন্মত্ত লোকৰ আক্ৰমণত এজন ২০ বছৰীয়া যুৱকে প্ৰাণ হেৰুওৱা ঘটনা সংঘটিত হৈছে। চুৰিৰ সন্দেহত যুৱকজনক আক্ৰমণ কৰা হৈছিল।

যোৱা মঙলবাৰে উত্তৰ ত্ৰিপুৰাৰ কুমাৰঘাট গাঁৱত সংঘটিত ঘটনাটোত প্ৰাণ হেৰুওৱা যুৱকজনক কিষাণ দেবনাথ বুলি চিনাক্ত কৰা হৈছে।

নিহত দেবনাথৰ পৰা এটা মোবাইল ফোন, এটা হেডফোন আৰু এখন চাইকেল উদ্ধাৰ কৰা হৈছিল। অভিযোগ মতে উক্ত সামগ্ৰীসমূহ যুৱকজনে দিলিপ দাস (৫০) আৰু সুখেশ দাস (৫৫) নামৰ দুজন লোকৰ ঘৰৰ পৰা চুৰি কৰিছিল।

এক সূত্ৰৰ পৰা জানিব পৰা মতে গাঁৱৰ একাংশ লোকে দেবনাথক প্ৰহাৰ কৰি থকাৰ খবৰ পাই আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰায় যদিও তেওঁ তাতে মৃত্যুক সাবটি লয়।

অৱশ্যে আৰক্ষীয়ে ইতিমধ্যে উক্ত ঘটনাৰ দুই মূল অভিযুক্ত দিলিপ দাস আৰু সুকেশ দাসক গ্ৰেপ্তাৰ কৰিছে বুলি সূত্ৰটোত প্ৰকাশ।