NORTHEAST NOW (Assamese)
অসম

পিছ পৰি ৰ’ল ‘হিটমেন’; মোহালিত কোহলীয়ে দেখুৱালে চমক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 19, 2019 11:49 am
555_1568826771_618x347

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে মোহালিত অনুষ্ঠিত দ্বিতীয়খন টি-২০ মেচত টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলীয়ে গঢ়িলে আন এক বিশ্ব ৰেকৰ্ড।

বুধবাৰে অনুষ্ঠিত মেচখনত অধিনায়ক গৰাকীয়ে ৭২ ৰানৰ বিস্ফোৰক ইনিংছ খেলে। ইয়াৰ লগে লগে তেওঁ টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটছমেন হিচাপে পৰিগণিত হয়।

ইয়াৰ পূৰ্বে টি-২০ত সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ তালিকাত প্ৰথম স্থানত আছিল ভাৰতৰে আন এজন বিস্ফোৰক অপেনিং বেটছমেন ৰোহিত শৰ্মা। অৱশ্যে দুয়োৰে ব্যৱধান হৈছে মাত্ৰ ৭ ৰান।

ক্ৰিকেটৰ সবাটোকৈ চুটি সংস্কৰণটোত কোহলীৰ ২৪৪১ ৰান আৰু ৰোহিতৰ নামত আছে ২৪৩৪ ৰান।

ৰোহিতে ৯৭খন টি-২০ মেচত গড়ে ৩২.৪৫ৰ সহায়ত এই ৰান সংগ্ৰহ কৰিছে। য’ত আছে ৪টা শতক আৰু ১৭টা অৰ্ধশতক।

আনহাতে ভাৰতীয় অধিনায়ক কোহলীয়ে ৰোহিতৰ নামত থকা এই ৰেকৰ্ড মাত্ৰ ৭১ খন মেচ খেলিয়ে আহৰণ কৰে। টি-২০ত বিৰাটৰ গড় সংখ্যা হৈছে ৫০.৮৫। টি-২০ত এই পৰ্যন্ত শতক অৰ্জন কৰিব নোৱাৰিলেও বিৰাটৰ নামত আছে ২২টা অৰ্ধশতক।

উল্লেখ্য যে বুধবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা দ্বিতীয়খন টি-২০ মেচত বিৰাটৰ বিস্ফোৰক ইনিংছৰ সহায়ত ভাৰতে মেচখন ৭ উইকেটত জয়লাভ কৰে।

এই বিজয়ৰ লগে লগে তিনিখনীয়া টি-২০ শৃংখলাত ভাৰতে ১-০ৰ অগ্ৰগতি লাভ কৰিছে। প্ৰথম মেচখন বৰষুণৰ বাবে বাতিল হৈছিল।