NORTHEAST NOW (Assamese)
অসম

বিদ্যুৎ বিভাগ আৰু APDCLৰ প্ৰতীকি শৱযাত্ৰা কৰি প্ৰতিবাদ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ

Posted by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ Updated by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ August 27, 2024 3:25 pm

স্মাৰ্ট মিটাৰ ব্যৱহাৰৰ ফলত গ্ৰাহক সকলে অত্যধিক বিদ্যুৎ মাছুল ভৰিবলগীয়া হোৱাত পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে সৰ্বসাধাৰণ গ্ৰাহক ৰাইজৰ।

ইয়াৰ পাৰিপ্ৰেক্ষিতত আজি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই বিদ্যুৎ বিভাগ আৰু APDCL ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

বিদ্যুৎ বিভাগ আৰু APDCLৰ প্ৰতীকি শৱযাত্ৰা কৰি চহৰখনত সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সন্থাই।

শিৱসাগৰ বৰ্ডিং খেলপথাৰৰ সন্মুখৰ পৰা ৰেডক্ৰছ ৰোড, মুক্তিনাথ চাৰিআলি হৈ থানামুখৰ স্মশান ঘাটলৈকে উলিয়ায় এই শৱযাত্ৰা।

কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছুৰ‌ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সমীৰণ ফুকনসহ বহু সংখ্যক বিষয়ববীয়া তথা কৰ্মীয়ে শক্তি বিভাগ হায় হায়, এপিডিচিএল মুৰ্দাবাদ আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰে।

অচিৰেই স্মাৰ্ট মিটাৰৰ যোগেদি গ্ৰাহকৰ পৰা অধিক বিদ্যুৎ মাছুল সংগ্ৰহ বন্ধ নকৰিলে কাৰ্যালয়ত তলা বন্ধ কাৰ্যসূচী লোৱাৰো হুংকাৰ দিছে আছুৱে।