NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ সন্মুখত প্ৰশাসনৰ উচ্ছেদ অভিযান; থলুৱা লোকৰ অস্থায়ী দোকান উচ্ছেদ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ November 12, 2020 6:38 pm

আজি শিৱসাগৰ জিলা প্ৰশাসনৰ নিৰ্দেশত ঐতিহাসিক তলাতল ঘৰৰ সন্মুখত উচ্ছেদ অভিযান চলোৱা হয়।

এই উচ্ছেদ অভিযানৰ সময়ত জেচিবি লগাই কুৰি খনতকৈ অধিক থলুৱা লোকৰ অস্থায়ী দোকান ধ্বংস কৰা হয়।

কেইবাবছৰ ধৰি তলাতল ঘৰলৈ প্ৰৱেশ কৰা পথৰ দুয়োকাষে অস্থায়ীভাৱে চাহ তামোলৰ দোকান দি জীৱন নিৰ্বাহ কৰি আহিছিল বহুকেইটা থলুৱা পৰিয়ালে।

শিৱসাগৰ জিলা উপায়ুক্তৰ নিৰ্দেশত এই দোকান সমুহ উচ্ছেদ কৰা হয়।

শিৱসাগৰ ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে, শিৱসাগৰৰ ঐতিহাসিক সমল সমুহৰ অশে পাশে চলি থকা বেদখল অতিশীঘ্ৰে উচ্ছেদ কৰা হ’ব।

ইপিনে, প্ৰশাসনৰ এই উচ্ছেদ কাৰ্য্যক একাংশই চৰকাৰৰ থলুৱা বিৰোধী নীতি বুলি আখ্যা দিয়ে।

বৃহৎ পুঁজিপতিক বৰ্তমানৰ বিজেপি চৰকাৰে হাজাৰ হাজাৰ বিঘা ভূমি উদ্যোগ স্থাপনৰ বাবে অৰ্পন কৰিছে আৰু সাধাৰণ দোকান এখন দি নিজৰ পৰিয়াল পোহ পাল দি অহা এই সকলৰ থলুৱা ওপৰত চলোৱা এই উচ্ছেদ কাৰ্য্যক স্থানীয় লোক সকলে গৰিহণা দিয়ে।

আনহাতে বুধবাৰে তলাতল ঘৰৰ সন্মুখৰ মাটি একাংশ লোকে বেদখল কৰাৰ লগতে মাটি কিনা-বেচা কৰাৰ অভিযোগত প্ৰতিবাদ কৰিছিল আটাছুৱে।

প্ৰতিবাদৰ সময়ত পুৰাতত্ব বিভাগৰ অধীনত থকা ৰংঘৰ, তলাতল ঘৰৰ মাটি কিদৰে বেচা-কিনা কৰিব পাৰিছে বুলি প্ৰশ্ন উত্থাপন কৰিছিল আটাছুৱে।

এতিয়া প্ৰশ্ন হয় কেৱল তলাতল ঘৰৰ সন্মুখত অস্থায়ীভাৱে নিৰ্মাণ কৰা দোকান সমুহ উচ্ছেদতে থমকি ৰ’ব নেকি শিৱসাগৰ জিলা প্ৰশাসন? তলাতল ঘৰৰ মাটি বেদখল কৰি ঘৰ সজাসকলৰ বিৰুদ্ধে এই উচ্ছেদ অভিযান চলিব নে ?  ৰংঘৰ, ফাকুৱা দ’ল, সতী জয়মতীৰ সমাধিৰ আশে পাশে থকা বৃহৎ বৃহৎ আট্টালিকাত প্ৰশাসনৰ জেচিবি চলিবনে বুলিও প্ৰশ্ন কৰিছে একাংশ সচেতন ব্যক্তিয়ে।