শিৱসাগৰ জিলা উন্নয়ন সমিতিৰে উপায়ুক্ত পল্লৱ গোপাল ঝাৰ গুৰুত্বপূৰ্ণ বৈঠক

১৮ ডিচেম্বৰত শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ চুকাফা সভা কক্ষত জিলা উন্নয়ন সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায়। জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগসমূহৰ অধীনত চলি থকা আঁচনি সমুহৰ কাম কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে শিৱসাগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই উক্ত বৈঠকৰ আহ্বান জনাইছিল।
উপায়ুক্ত পল্লৱ গোপাল ঝাই সভাপতিত্ব কৰা জিলা উন্নয়ন সমিতিৰ বৈঠকত জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া সকলৰ পৰা তেওঁলোকৰ অধীনত চলি থকা বিভিন্ন আঁচনি সমূহৰ কাম কাজৰ অগ্ৰগতি সম্পৰ্কে আলোচনা কৰে।
ইয়াৰ উপৰি উপায়ুক্তই আঁচনি সমূহৰ কাম-কাজ যাতে ক্ষীপ্ৰতাৰে সম্পন্ন কৰে তাৰ বাবে বিভাগ সমূহক পৰামৰ্শ আগবঢ়োৱাৰ লগতে সংশ্লিষ্ট বিভাগ সমূহৰ বিষয়ববীয়া সকলক কাম-কাজৰ উপযোগী সময় সুবিধা গ্ৰহণ কৰি যাৱতীয় আঁচনি সমূহ খৰতকীয়াকৈ সম্পন্ন কৰাৰ আহ্বান জনায়।