NORTHEAST NOW (Assamese)
অসম

মাস্ক পৰিধান নকৰা সকলৰ বিৰুদ্ধে শিৱসাগৰ আৰক্ষীৰ অভিযান

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ July 8, 2020 12:13 pm

শিৱসাগৰত ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰা ব্যক্তিৰ বিৰুদ্ধে মঙলবাৰে শিৱসাগৰ আৰক্ষীয়ে এক অভিযান চলায়। নগৰৰ বিভিন্ন স্থানত অভিযান চলাই মাস্ক পৰিধান নকৰা ব্যক্তিক জৰিমনা বিহে শিৱসাগৰ আৰক্ষীয়ে।

কালিৰ দিনটোতে শিৱসাগৰ আৰক্ষীয়ে ৩২,৫০০ টকা জৰিমনা সংগ্ৰহ কৰে মাস্ক নিপিন্ধা ব্যক্তিৰ পৰা।

উল্লেখ্য যে শিৱসাগৰ জিলা প্ৰশাসনে জনসাধাৰণক সামাজিক দূৰত্ব মানি চলিবলৈ, মাস্ক পৰিধান কৰিবলৈ আৰু প্ৰয়োজন নহ’লে বাহিৰলৈ নোলাবলৈ বাৰম্বাৰ অনুৰোধ কৰাৰ পাছতে প্ৰশাসনৰ আহ্বানক আওকাণ একাংশ ব্যক্তিয়ে মাস্ক পৰিধান নকৰাকৈ বাহিৰলৈ ওলাই আহি ভিৰ কৰা দেখা গৈছিল।

যাৰ বাবে কঠোৰ হ’ব লগীয়া হয় শিৱসাগৰ জিলা প্ৰশাসন তথা আৰক্ষী প্ৰশাসন।

আনহাতে শিৱসাগৰত ক’ৰ’না সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে নগৰৰ চাৰিটা অঞ্চল কনটেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছিল জিলা প্ৰশাসনে। তাৰে দুটা অঞ্চল শিৱসাগৰৰ সদা ব্যস্ত দ’লমুখ চাৰিআলি আৰু হস্পিতেল ৰ’ড।

শিৱসাগৰত ক’ৰ’না সংক্ৰমণ ৰোধৰ বাবে আৰু জন সমাগম কমাবৰ বাবে আজিৰ পৰা শিৱসাগৰ জিলাৰ পৌৰসভা এলেকাত ব্যক্তিগত বাহন চলাচলত যুগ্ম-অযুগ্ম নীতিৰ ব্যৱস্থা কৰিছে।