NORTHEAST NOW (Assamese)

শিৱসাগৰৰ ৰাধা কুমাৰীৰ চাঞ্চল্যকৰ হত্যাকাণ্ডত বিকাশ দাস দোষী সাব্যস্ত; ৩০ ছেপ্টেম্বৰত শাস্তি ঘোষণা

September 27, 2019 4:56 pm · পাৰ্শ্বজ্যোতি গগৈ
Updated: September 27, 2019 5:20 pm

শিৱসাগৰৰ মেধাৱী ছাত্ৰী ৰাধা কুমাৰীৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ মূল নায়কক দোষী সাব্যস্ত কৰি আজি গোচৰটোৰ চূড়ান্ত ৰায়দান কৰে শিৱসাগৰ সত্ৰ ন্যায়াধীশৰ আদালতে।

মেধাৱী ছাত্ৰীগৰাকীক ডিব্ৰুগড়-ৰঙিয়া এক্সপ্ৰেছত দিব্যাংগৰ বাবে সংৰক্ষিত এটা দবাত অকলশৰীয়াকৈ পাই ধৰ্ষণ আৰু হত্যা কৰিছিল বিকাশ দাস নামৰ এজন ঝালমূৰি বিক্ৰেতাই। ঘটনাটো সংঘটিত হৈছিল ২০১৮ চনৰ ১০ জুলাইত।

অসম কৃষি বিশ্ববিদ্যালয়ৰ মেধাৱী ছাত্ৰীগৰাকীক মাকে আইতাকৰ ঘৰলৈ বুলি শিৱসাগৰ ষ্টেইশ্যনত ৰেইলখনত তুলি থৈ যোৱাৰ পিছতে ৰাধা কুমাৰীক নৃশংসভাৱে হত্যা কৰা হৈছিল আৰু শিমলুগুৰিত ৰেইলৰ শৌচালয়ত তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছিল।

গামোচাৰে ডিঙি চেপি তেওঁক হত্যা কৰা বুলি পিছত আৰক্ষীৰ আগত স্বীকাৰোক্তি দিছিল হত্যাকাৰী বিকাশ দাসে।

আদালতে ৩০ ছেপ্টেম্বৰত বিকাশ দাসৰ শাস্তিৰ ঘোষণা কৰিব। ৰাধা কুমাৰীৰ হৈ ওকালতি কৰা অধিবক্তাই সংবাদ মাধ্যমক জনায় যে তেওঁলোকে হত্যাকাৰীৰ মৃত্যুদণ্ডৰ বাবে আৱেদন জনাব আদলতক।

আজি দিয়া ৰায়দানত আদালতে সহ-অভিযুক্ত বিপিন পাণ্ডেক নিৰ্দোষী ঘোষণা কৰে।

ৰাধা কুমাৰীৰ হত্যাকাণ্ডৰ দুদিন পাছতে ১২ জুলাইত দিনৰ ২:৩০ বজাত একে পদ্ধতিৰে ফৰকাটিং ৰে’ল ষ্টেচনত সংঘটিত হৈছিল ললিমা দেৱীৰ হত্যাকাণ্ড।

ৰে’লত সংঘটিত দুয়োটা হত্যাকাণ্ডৰ সম্পৰ্কত শিমলুগুৰি ৰে’ল আৰক্ষীয়ে ৬/১৮ নম্বৰৰ এটা গোচৰ ৰুজু কৰাৰ লগতে ২০১৮ চনৰ ১২ জুলাইৰ নিশা গ্ৰেপ্তাৰ কৰিছিল বিপিন পাণ্ডে আৰু বিকাশ দাসক।

দুয়োটা হত্যাকাণ্ডৰ সম্পৰ্কত ৰাজ্য চৰকাৰে তদানীন্তন ডি আই জি ৰাম প্ৰসাদ মিনাৰ  নেতৃত্বত আৰক্ষী বিষয়া সুৰজিৎ সিং পানেশ্বৰ, বলীন দেউৰী, দণ্ড শৰ্মা আৰু উত্তম তামাঙক সদস্য হিচাপে লৈ SIT ( Speacial Investigation Team) গঠন কৰি দিছিল।

SIT-এ ১৮ জুলাইত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত দুইজন অভিযুক্ত ক্ৰমে বিকাশ দাস আৰু বিপিন পাণ্ডেৰ DNA টেষ্ট কৰে।

মুখ্য মন্ত্ৰীয়ে ঘটনাটোৰ ৰাধা কুমাৰী আৰু ললিমা দেৱী দুয়োটা হত্যাকাণ্ডৰে বিচাৰ ফাষ্ট ট্ৰেক ক’ৰ্টত কৰাৰ নিৰ্দেশ দিছিল।

দুমাহ পূৰ্বে তিনিচুকীয়া সত্ৰ আদালতে ললিমা দেৱীৰ হত্যাকাণ্ডৰো চূড়ান্ত ৰায়দান কৰে, য’ত বিপিন পাণ্ডেক নিৰ্দোষী ঘোষণা কৰাৰ বিপৰীতে বিকাশ দাসক যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল।

ইফালে ৰে’লত নৃশংস হত্যাকাণ্ডৰ বলি হোৱা ৰাধা কুমাৰীৰ বাসগৃহত হত্যাকাণ্ডৰ এপষেক পাছতে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ কেইবাজনো শীৰ্ষ বিষয়া উপস্থিত হৈ ৰাধা কুমাৰীৰ পৰিয়ালৰ সদস্যক ৰে’ল বিভাগত নিযুক্তিৰ আশ্বাস দিছিল সেয়া আজিও আশ্বাস হৈয়ে ৰ’ল৷

Related News